বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ বিনয় কুমাৰ চৌধুৰীলৈ ফেলোশ্বিপ…

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ বিনয় কুমাৰ চৌধুৰীলৈ ফেলোশ্বিপ…

ডিজিটেল ডেস্কঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৰেডিঅ'লজী বিভাগৰ অধ্যাপক ডাঃ বিনয় কুমাৰ চৌধুৰীলৈ আগবঢ়োৱা হৈছে ফেলোশ্বিপ। ২৪ মাৰ্চ বৃহস্পতিবাৰে অধ্যাপক বিনয় কুমাৰ চৌধুৰীক বেংগালুৰুত ইণ্ডিয়ানকলেজ অফ ৰিডিঅ'লজী এণ্ড ইমেজিং (এফ আই চি আৰ) ৰ সন্মানীয় ফেলোশ্বিপ প্ৰদান কৰা হ'য়। বেংগালৰুত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ৰেডিঅ'লজিকেল এণ্ড ইমেজিং এছ'চিয়েচনৰ বাৰ্ষিক সন্মিলনৰ প্ৰথম দিনা ইণ্ডিয়ান ৰেডিঅ'লজিকেল এণ্ড ইমেজিংৰ একাডেমিক শাখা ইণ্ডিয়ান কলেজ অফ ৰেডিঅ'লজি এণ্ড ইমেজিঙে এই সন্মান প্ৰদান কৰে।

উল্লেখ্য যে সমগ্ৰ ভাৰতৰ পৰা ২০২১ চনৰ এই সন্মানীয় ফেলোশ্বিপৰ বাবে ৬ জন ৰেডিঅ'লজিষ্টক বাছনি কৰা হৈছিল। এই ৬ গৰাকীৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ হিচাপে ডাঃ বিনয় কুমাৰ চৌধুৰীয়ে এই ফেলোশ্বিপ লাভ কৰিছে। আনহাতে এই সন্মিলনত ডাঃ চৌধুৰীক ৰাষ্ট্ৰীয় বক্তা হিচাপেও আমন্ত্ৰণ জনোৱা হৈছে। ড০ চৌধুৰীয়ে ইতিমধ্যে বিদেশৰ বহুকেইখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ডাঃ চৌধুৰীয়ে ইতিমধ্যে ২০১৮ চনত ফ্ৰান্সত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক কৰ্কট ইমেজিং চছাইটিৰ বাৰ্ষিক শিক্ষা পাঠ্যক্ৰমত তেওঁৰ বৈজ্ঞানিক গৱেষণা পত্ৰ উপস্থাপনৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in