আমোলা সন্থাৰ নগাঁও জিলা সমিতি গঠন

নগাঁও জিলা আমোলা সন্থাৰ প্ৰতিস্থা দিৱস উদযাপন ৷ ৯২ সংখ্যক প্ৰতিস্থা দিৱসটি দিনজোৰাকৈ নগাঁও লোক নিৰ্মান বিভাগৰ জ্ঞান চৰ্চা ভৱনত অনুষ্ঠিত হয় ৷
আমোলা সন্থাৰ নগাঁও জিলা সমিতি গঠন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা আমোলা সন্থাৰ প্ৰতিস্থা দিৱস উদযাপন ৷ ৯২ সংখ্যক প্ৰতিস্থা দিৱসটি দিনজোৰাকৈ নগাঁও লোক নিৰ্মান বিভাগৰ জ্ঞান চৰ্চা ভৱনত অনুষ্ঠিত হয় ৷ এই উপলক্ষে শণিবাৰে পুৱা পতাকা উত্তোলন কৰে প্ৰদীপ দেবনাথে ৷

শ্বহীদ তৰ্পন কৰে নবজ্যোতি মহন্তই ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় প্ৰতিনিধি সভা ৷ প্ৰতিনিধি সভাতে আগন্তক দুবছৰীয়া আমোলা সন্হাৰ নতুন নগাঁও জিলা সমিতি খন গঠন কৰা হয় ৷

সভাত প্ৰদীপ দেবনাথক সভাপতি , ধ্ৰুব জ্যোতি দত্ত আৰু নবজ্যোতি মহন্তক উপ সভাপতি , কমল কুমাৰ বৰুৱাক সাধাৰন সম্পাদক , অপূৰ্ব কুমাৰ দাস , জ্যোতিময় বৰা , অসীম কুমাৰ চৰকাৰ আৰু নিতুমণি ডেকাক সাংগাঠনিক সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন সমিতি গঠন কৰা হয় ৷

আৰু পঢ়ক: বুধবাৰে ঘোষণা হ'ব নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in