লকডাউনৰ মাজতে অসমত অনুষ্ঠিত হ’ল এখন বিয়া…

লকডাউনৰ মাজতে অসমত অনুষ্ঠিত হ’ল এখন বিয়া…

ডিজিটেল সংবাদ,মঙলদৈঃ দেশত এতিয়া কোৰোনা আতংক আৰু এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ মানৱ শৃংখল ব্যাহত কৰিব লৈ দেশৰ জনসাধাৰণক লক ডাউন মানি , সামাজিক দূৰত্ব বজাই ৰাখিবলৈ লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰীৰ আহ্বান জনাইছে।

এইলক ডাউনৰ মাজতে যোৱা শনিবাৰে দৰঙৰ হাজৰিকা পাৰাত অনুস্থিত হল এখন বিবাহ । প্ৰধান মন্ত্ৰীৰ লকডাউন নীতি নিয়মৰ মাজত থাকি সামাজিক দূৰত্ব বজাই ৰাখি কোনো জাক-জমকতা নোহোৱাকৈ আনকি ৰভা, বেণ্ডপাৰ্টী নোহোৱাকৈ হৈ যায় এই বিবাহ । নামমাত্ৰ নীতি নিয়ম তথা পৰম্পৰা ৰক্ষাৰ মাজৰে অনুষ্ঠিত হয় বিবাহ কাৰ্য ।

উত্তৰ গুৱাহাটীৰ প্ৰফুল্ল বৰুৱা আৰু দৰঙৰ হাজৰিকা পাৰাৰ গিতাঞ্জলি (মিনতি) ডেকাৰ বিবাহৰ দিন দুয়ো ঘৰৰ আলোচনা আৰু বৈদিক নীতি নিয়ম মতে লকডাউনৰ বহুদিন পূৰ্বে ১৫ এপ্ৰিলত ঠিক হৈছিল । কিন্তু লক ডাউনৰ বাবে পৰিয়াল দুটাই বিবাহ নিৰ্দিষ্ট দিনত অনুষ্ঠিত কৰিব নোৱাৰিলে ।

সেয়ে উপায়ন্তৰহৈ দুই পৰিয়ালে মিলি মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অনুস্থপিয়াকৈ শনিবাৰে বিবাহ কাৰ্য সম্পাদন কৰে । বিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ পৰা ৰাতিপুৱা দুখন গাড়ীত দৰা সহ চাৰি গৰাকী লোক আহে ।

কইনাৰ ঘৰৰ পৰিয়াল আৰু পুৰোহিতৰ উপস্হিতিত কইনাৰ নিজ বাসগৃহত বিবাহ কাৰ্য সমাপন হয় । এনেদৰে ৰভা, বেণ্ডপাৰ্টি, মানুহৰ সমাগমৰ বিপৰীতে দিনতে এনেদৰে বিয়া পতাটো এটা নতুন অভিজ্ঞতা বুলি বিবাহ কাৰ্য পৰিচলনা কৰা পুৰোহিতে মন্তব্য কৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in