বিহপুৰীয়া আৰক্ষী থানাৰ সমীপতে পুনৰ চুৰি কাণ্ড...

সম্প্ৰতি চৰম নিৰাপত্তাহীনতাত ভোগা বিহপুৰীয়া বাসীয়ে এইক্ষেত্ৰত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়া আৰক্ষী থানাৰ সমীপতে পুনৰ চুৰি কাণ্ড...

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিহপুৰীয়া আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চোৰ-ডকাইতে তাণ্ডৱৰ সৃষ্টি কৰিছে বিহপুৰীয়া নগৰত ৷ বিহপুৰীয়া আৰক্ষীৰ নাকৰ তলতে দিনে দিনে সংঘটিত হৈছে চুৰি কাণ্ড ৷

Advertisment

মঙলবাৰে নিশাও বিহপুৰীয়া থানাৰ নিচেই সমীপৰ ষ্টাইলেক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পৰা নগদ ধন আৰু আন কিছু সামগ্ৰী চুৰি কৰি নিয়ে ৷ আনহাতে ৰাইজে ধৰি দিয়া চোৰো আটক কৰি ৰাখিব নোৱাৰাৰ অভিযোগ উঠিছে বিহপুৰীয়া আৰক্ষীৰ বিৰোদ্ধে।

সম্প্ৰতি চৰম নিৰাপত্তাহীনতাত ভোগা বিহপুৰীয়া বাসীয়ে এইক্ষেত্ৰত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

Also Read: ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...

lakhimpur DC