কোকৰাঝাৰত সংবাদিকৰ এঘন্টীয়া ধর্ণা কাৰ্যসূচী পালন

কোকৰাঝাৰত সংবাদিকৰ এঘন্টীয়া ধর্ণা কাৰ্যসূচী পালন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতাত ধাৰাবাহিকভাৱে আঘাত হানি অহা ঘটনাৰ প্রতিবাদত আজি সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰৰ সাংবাদিকসকলেও বিক্ষোভ আৰু ধর্ণা কাৰ্যসূচী পালন কৰে৷

কোকৰাঝাৰ জিলা উপায়ুক্ত চৌহদৰ শিশু উদ্যানত কোকৰাঝাৰ সাংবাদিকসকলে এঘন্টীয়া ধৰ্ণাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ শাসক পক্ষৰ শ্ৰুতলিপি মানি কাম কৰিবলৈ অনিচ্ছুক সাংবাদিকসকলৰ ওপৰত চলাই অহা নির্যাতনৰ প্ৰতিবাদত আজিৰ এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

আজিৰ কাৰ্যসূচীত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভাপতি প্ৰীতম ব্ৰহ্ম চৌধুৰী, সম্পাদক হৰিশংকৰ ঠাকুৰকে ধৰি প্ৰায় ২৫ গৰাকীকৈ সাংবাদিকে অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in