ফিল্মফেয়াৰত ২৩ কোটি টকা খৰচ কৰি প্ৰায় ৩৫ কোটি পালে অসমেঃ জয়ন্ত মল্ল বৰুৱা

ফিল্মফেয়াৰত ২৩ কোটি টকা খৰচ কৰি প্ৰায় ৩৫ কোটি পালে অসমেঃ জয়ন্ত মল্ল বৰুৱা

ডিজিটেল ডেস্কঃ সফলতাৰে সম্পন্ন হ'ল ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। কেবাকুৰি বলিউডৰ শিল্পীয়ে অংশগ্ৰহণ কৰিলে ফিল্মফেয়াৰ অনুষ্ঠানত। দুই এক সৰু-সুৰা বিসংগতি ঘটিলেও সুন্দৰকৈয়ে সামৰণি পৰিল অনুষ্ঠানৰ। সোমবাৰে এখন সংবাদমেলত ৰাজ্যৰ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই খটিয়ান দিলে ফিল্মফেয়াৰ বঁটাৰ পৰা কি পালে অসমে।

অধ্যক্ষগৰাকীয়ে কয়, আমি অসম চৰকাৰৰ পৰা ২৩ কোটি টকা খৰচ কৰি প্ৰায় ৩৫ কোটি পালো। অসমত তেওঁলোকে বহু টকা খৰচ কৰিলে। তেওঁ লগতে ক'লে, অসমক বহুত দিলে ফিল্মফেয়াৰে। এই অনুষ্ঠানটোত জড়িত থাকি অসমৰ বহুলোকে বহু লাভৰ সন্মুখীন হ'ল। লগতে তেওঁ কয়, এই অনুষ্ঠানৰ বাবে পৰ্যটন নিগমৰ লগতে সাংস্কৃতিক বিভাগৰো লাভ হ'ল।

অসম চৰকাৰক ১ কোটি ৬০ লাখ টকা ফিল্মফেয়াৰে প্ৰদান কৰা বুলিও কৈ জয়ন্ত মল্ল বৰুৱাই কয়, অসমত থকাৰ বাবে প্ৰায় ৭০০ৰ পৰা ৭৫০ টা কোবাখনো হোটেলৰ বিলাসী কোঠা ব্যৱহাৰ কৰাৰ বিনিময়ত ফিল্মফেয়াৰে দিয়া টকাৰ বাবে অসমৰ লাভ হৈছে। লগতে ফিল্মফেয়াৰৰ বিভিন্ন কামকাজত অসমৰ শ্ৰমিক ব্যৱহাৰ কৰি তেওঁলোকক দিয়া টকাৰ কথাও কয় অধ্যক্ষগৰাকীয়ে। জয়ন্ত মল্ল বৰুৱাই অসমবাসীৰ লগতে সংবাদমাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে।

অসমৰ হৈ অনুষ্ঠান পৰিৱেশন কৰা শিল্পী গায়ত্ৰী মহন্ত, আইমী বৰুৱা, তনভী শৰ্মা ইত্যাদিসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। লগতে কয়, অসমৰ বহু জ্যেষ্ঠ শিল্পীয়ে ফিল্মফেয়াৰত ভাগ লৈ অনুষ্ঠান প্ৰত্যক্ষ কৰে। জুবিন গাৰ্গ, প্ৰাঞ্জল শইকীয়া, চেতনা দাসকে আদি কৰি সেইসকল শিল্পীকো ধন্যবাদ জ্ঞাপন কৰে অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in