
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ কলা সংস্কৃতিৰ অন্যতম একক বৃহৎ অনুষ্ঠান জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা। যিহেতু পদূলি মুখত বাৰেচহৰীয়া ভাওনা মহোৎসৱ ,সেয়ে দিন ৰাতি একাকাৰ কৰি শিল্প কৰ্মৰ লগত জড়িত শিল্পী সকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে নিজৰ নিজৰ কাম সমাধা কৰিবলৈ ।
ইফালে আকৌ কোনোবাই মুল বাটচৰাৰ বৃহৎ বৃহৎ আকাৰৰ শৰাই, হৰধনু চন্দ্ৰতাপ , প্ৰদৰ্শনীৰ গেট কোনেৱে আকৌ মুল মন্ডপত পদ্ম পুষ্প সদৃশ খলা নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰা দেখা গৈছে, বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ তোৰণ উপ-সমিতিৰ বিষয়ববীয়া ও সদস্য সকলে বৃহৎ আকাৰৰ শৰাই বাঁহেৰে নিৰ্মাণ কৰিছে। প্ৰায় ১০ ফুট উচ্চতাৰ শৰাই নিৰ্মাণ কৰাৰ লগতে তাৰ ওপৰত স্থাপন কৰিবলৈ হৰধনু নিৰ্মাণ কৰিছে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ মুল প্ৰদশনী দ্বাৰৰ বাবে ৷
অন্যহাতে ভাওনা মহোৎসৱলৈ সোমাই যাওতে মুল প্ৰৱেশ দ্বাৰৰ বাবে নিৰ্মাণ কৰিছে তিনিটা বাটচৰা। ইয়াৰ উপৰিও প্ৰদশনী দ্বাৰৰ শৰাইৰ তলত চিত্ৰ ভাগৱতৰ অংকিত ছবিও চিত্ৰশিল্পী সকলে অংকন কৰিছে।তোৰণ উপসমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে অহা ৩ বা ৪ মাৰ্চত বাৰেচহৰীয়া ভাওনা মহোৎসৱ ৰ মুল বাটচৰা, প্ৰদৰ্শনী তোৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব ৷