/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8f56c20d-0d1c-4368-bd3b-248e07e57638/dffddffd.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ:গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উদ্যোগত অহা ১ ডিচেম্বৰ শুক্ৰবাৰে আয়োজন কৰা হৈছে এক স্মাৰক বক্তৃতানুষ্ঠানৰ।সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ কৃতি আৰু কৃতিত্বক স্মৰণ কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গতি-প্ৰগতি সন্দৰ্ভত আলোকপাত কৰাৰ মানসেৰে দিনৰ ১২ বজাৰ পৰা আয়োজন কৰা হৈছে অনুষ্ঠানৰ।
উক্ত স্মাৰক বক্তৃতা অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিব। তেতিয়া আৰু এতিয়াৰ সাংবাদিকতা,প্ৰত্যাহ্বান, পৰিবৰ্তন আৰু সম্ভাৱনা শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া উক্ত স্মাৰক বক্তৃতাৰ কাৰ্য্যসূচী অনুসৰি সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই।
বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই উদ্বোধন কৰিবলগীয়া উক্ত স্মাৰক বক্তৃতানুষ্ঠানৰ কাৰ্য্যসূচী সঞ্চালনা কৰিব সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে।উক্ত কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সভাপতি পল্লৱ বৰা,সাধাৰণ সম্পাদক বিপ্লৱ নেওগৰ লগতে স্মাৰক বক্তৃতানুষ্ঠানৰ আহ্বায়কদ্বয় ভুৱন শইকীয়া আৰু ভাস্কৰ জ্যোতি ভূঞাই।
Also Read: স্বামী-স্ত্ৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ! দিল্লীত জৰুৰী অৱতৰণ কৰিবলগীয়া হ'ল বিমান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us