চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ ব্যাপক প্ৰস্তুতি

চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ব্যৱস্থাপনাত বিশ্বনাথ জিলা সমিতিৰ সহযোগত আৰু বৃহত্তৰ ঘাঁহিগাঁওবাসী ৰাইজৰ আতিথ্যত আয়োজন কৰা হৈছে এক বিশেষ কাৰ্যসূচী। অসমৰ গৰীয়াসকলৰ মহামিলনৰ উদ্দেশ্যে নদুৱাৰ অঞ্চলৰ চতিয়াৰ নুৰপুৰস্থিত ঘাঁহিগাও খেলপথাৰত অহা ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়াকৈ ফাতেহা-ঈ-দোৱাজ দহম উপলক্ষে দিগদৰ্শন সমাৰোহৰ আয়োজন কৰিছে ৷

এই উদ্দেশ্য উদ্যোক্তা সকলে ইতিমধ্যে ব্যাপক প্ৰস্তুতিৰে আয়োজন তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমাৰোহৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সকলোধৰণৰ সহযোগীতা আগবঢ়োৱা প্ৰতিশ্ৰুতি আগবঢ়ায় ৷

উল্লেখিত দিগ - দৰ্শন সমাৰোহৰ বাবে বৃহত্তৰ ঘাঁহিগাঁৱৰ যুৱক-যুৱতি, পুৰুষ-মহিলা উবুৰিখাই পৰিছে অতিথিক আদৰিবলৈ । সমূহীয়াকৈ যুৱক-যুৱতী, পুৰুষ-মহিলাসকলে জাতি বৰ্ণ - ধৰ্ম নিৰ্বিশেষে ঘৰে ঘৰে গৈ ওচৰ চুবুৰীয়াক নিমন্ত্ৰণী শৰাই আগবঢ়াইছে ।

Also Read: গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত অচলাৱস্থা, প্ৰতিবাদত বহিল একাংশ