ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক প্ৰদান অনুষ্ঠান

ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী তথা এন চি চিৰ ৰেংক প্ৰদান অনুষ্ঠানটি বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ এন চি চি তত্বাৱধায়ক শিক্ষক পুৰন্দৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকি মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই "বিগত দিনবোৰত এন চি চি তৰফৰ পৰা আগবঢ়োৱা সেৱাৰ বাবে প্ৰশংসা কৰে। যিকোনো অনুষ্ঠানৰ সময়ত এন চি চিয়ে কলেজত সেৱা আগবঢ়াই আহিছে।

আগন্তুক দিনতো মহাবিদ্যালয় খনত লবলগীয়া বহু পৰিকল্পনাত এন চি চিৰ আবশ্যক হব।" বুলি মন্তব্য কৰে। অনুষ্ঠানটিত আগন্তুক বৰ্ষৰ বাবে লক্ষ্য জ্যোতি নাথক অধীনস্থ বিষয়া(UNDER OFFICER) হিচাপে ৰেংক প্ৰদান কৰাৰ লগতে জেকল হাজোৱাৰীক চি কিউ এম এছ (CQMS), বিকি নাথক এছ জি টি (SGT)ৰ উপৰিও চাৰি গৰাকী ছাত্ৰ ছাত্ৰীক চিপিএল(CPL) আৰু ছয় গৰাকী ছাত্ৰ ছাত্ৰীক এল চি পি এল(LCPL) হিচাপে ৰেংক প্ৰদান কৰা হয়।

ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক প্ৰদান অনুষ্ঠান
৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in