বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী...

বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী...
বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী...

ডিজিটেল সংবাদ গুৱাহাটীঃ ''জীৱনৰ বিয়লি বেলাত মাহেকত ২৫০টকা পেঞ্চনৰ ধনেৰে চিকিৎসাৰ খৰছখিনিও নচলে। এফালে ডেকা বয়সৰ দৰে ঠেলা, ৰিক্সা চলোৱাও সম্ভৱ নহয়। এনে ক্ষেত্ৰত এনে শ্ৰমকাৰী লোকৰ বৃদ্ধপেঞ্চন মাহেকত বৰ্তমানৰ ২৫০ টকাৰ ঠাইত কমেও ২০০০ টকা দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছো। আশা কৰিছো জ্যেষ্ঠ নাগৰিকৰ সূচল জীৱন-জীৱিকাৰ বাবে চৰকাৰে এনে দাবী ৰূপায়ন কৰিব।''

আজি দৰং জিলাৰ গৰুখুঁটি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে বৰলুইত ভৱনত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়। ভাষণ প্ৰস্ংগত বক্তা গৰাকীয়ে ৰাষ্ট্ৰসংঘই জ্যেষ্ঠ নাগৰিকৰ বাবে ঘোষণা কৰা সুবিধাৰ প্ৰস্ংগ উল্লেখ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা নীতিসমূহৰ ৰূপায়নৰ কথাও ব্যাখ্যা কৰে।

সভাত আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে আজিৰ সমস্যা বহুল আমাৰ সমাজ জীৱনত জ্যেষ্ঠ নাগৰিকসকলে এখন আদৰ্শ মানুহৰ সমাজ গঢ়নত পথ প্ৰদৰ্শৰ ভূমিকা পালন কৰাৰ আহ্বান জনায়। বিশ্বৰ বিভিন্ন দেশৰ জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত স্ংশ্লিষ্ট চৰকাৰে লোৱা দায়বদ্ধ তাৰ বিষয়তো বাখ্যা কৰে।

আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক খগেন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভা উদ্বোধন কৰি গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপেন্দ্ৰ কুমাৰ নাথে বৃদ্ধ পেঞ্চন ২৫০ টকাৰ সলনি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।গৰুখুঁটি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কুশেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ-সভাপতি অতুল বৰুৱা, দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বাহাদুৰ চেত্ৰী আৰু জিলা প্ৰধান সম্পাদক হৰিশচন্দ্ৰ শৰ্মায়ো বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখে।

গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয় আদৰ্শ শিক্ষানুষ্ঠান হিচাবে গঢ়ি তোলা হ'ব বুলি অধিবেশনৰ প্ৰতিনিধি সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে বক্তব্যত কয়। লগতে সমস্যা বহুল গৰুখুঁটিৰ পথ বহল কৰি সূচল যাতায়তৰ ব্যৱস্থা কৰিব বুলিও কয়।

দিনযোৰা কাৰ্যসূচীৰ ভিতৰত ৰাতিপুৱা পৰিবেশ নিকাকৰন, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতিতৰ্পন, বৃক্ষৰোপণৰ পিছতে ১০ বজাত বিষয় বাচনি সভা অনুষ্ঠিত হয়।

বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী...
৬০ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপনঃ গণিত, বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰাৰ বিৰোধিতা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in