কেন্দ্ৰীয় চৰকাৰ আৰু টাটাৰ সহযোগত ৫ লাখ মহিলাৰ কৰ্কট পৰীক্ষাৰ লক্ষ্য ! বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানকো সামৰি ল’লে এই প্ৰকল্পই…

কেন্দ্ৰীয় চৰকাৰ আৰু টাটাৰ সহযোগত ৫ লাখ মহিলাৰ কৰ্কট পৰীক্ষাৰ লক্ষ্য ! বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানকো সামৰি ল’লে এই প্ৰকল্পই…

ডিজিটডেল ডেস্কঃ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ উপলক্ষত ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ এটমিক এনাৰ্জি আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰে কৰ্কট ৰোগত আক্ৰান্ত ৫ লাখ মহিলাক পৰীক্ষা কৰাৰ এক প্ৰকল্প আৰম্ভ কৰিছে। দেশৰ মুঠ তিনিখন ৰাজ্যত আৰম্ভ কৰা এই প্ৰকল্পই অসমকো সামৰি লৈছে।

এই প্ৰকল্পই উত্তৰ প্ৰদেশৰ বাৰাণসী, পঞ্জাৱৰ চাংৰু আৰু অসমৰ কামৰূপ জিলাক সামৰি লৈছে। প্ৰকল্পৰ অধীনত ৫ লাখ মহিলাৰ সাধাৰণ কৰ্কট পৰীক্ষা সম্পন্ন কৰা হ'ব। ১৮ আগষ্ট, বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীৰ ড০ বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানত এই প্ৰকল্প আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

অনুষ্ঠানৰ পূৰ্বে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগৰ এক শিবিৰো উদ্বোধন কৰা হয়। এই শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধনী অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য. পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীস শৰ্মা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে- মুখ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ দৰে সাধাৰণ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়াকৈ চিনাক্ত কৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ ৰাইজক এটা স্বাস্থ্যকৰ জীৱন জীয়াবলৈ ধপাত আৰু সুৰা সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী উপকলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা পি ই টি- চি টি যন্ত্ৰ উপহাৰ হিচাপে আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। আনহাতে অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে- কামৰূপৰ এক লাখ মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য স্পৰ্শ কৰিবলৈ স্বাস্থ্যখণ্ডত কাম কৰি থকা বেচৰকাৰী সংস্থাসমূহক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে একত্ৰিত হোৱাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে, কামপূৰ মহানগৰ জিলাৰ উপায়ুক্তই ইতিমধ্যে সকলো চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ দলৰ সৈতে সহযোগিতা কৰিবলৈ জাননী জাৰি কৰিছে।

এই দলটোত চিকিৎসক, সমাজকৰ্মী, নাৰ্ছ আদিকে ধৰি ২৫ জন কৰ্মচাৰী আছে। ২৫ জনীয়া দলটোৱে দৈনিক ২০০ ৰ পৰা ৩০০ গৰাকী মহিলাক সামৰি ল'ব পৰাকৈ তিনিটা বিভিন্ন স্থানত পৰীক্ষা শিবিৰ আৰম্ভ কৰিব।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীৰ মতে, ২০২১ চনৰ নৱেম্বৰত স্ক্ৰীণিং কাৰ্যসূচীটো লাহেকৈ আৰম্ভ কৰা হৈছিল আৰু আজদী কা অমৃত মহোৎসৱ উপলক্ষে আনুষ্ঠানিক উদ্বোধনৰ দিন আৰু তাৰিখ স্থিৰ কৰা হৈছে। তেওঁ কয় যে- মুখ, স্তন আৰু জৰায়ুৰ গ্ৰীৱাৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে আগতীয়াকৈ চিনাক্ত কৰণৰ বাবে উপযুক্ত সজাগতাৰ অভাৱ। সেয়েহে দুৰ্ভাগ্যবশতঃ কৰ্কট ৰোগীৰ বেছিভাগেই শীৰ্ষ পৰ্যায়ত উপনীত হয় গৈ।

তেওঁ কয়, এতিয়ালৈকে ১০ হাজাৰৰো অধিক মহিলাৰ পৰীক্ষা কৰা হৈছে, যাৰ ভিতৰত ৫২২ গৰাকী মহিলাৰ সম্ভাৱ্য ক্ষতিকাৰক ঘাঁৰ বাবে সন্দেহ কৰা হৈছে। সকলো সন্দেহযুক্ত মহিলাক অধিক অনুসন্ধানৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ মাতি অনা হৈছে। ইয়াৰে তিনিগৰাকীৰ কৰ্কট ৰোগ নিশ্চিত কৰা হৈছে। কৰ্কট ৰোগত আক্ৰান্ত এই তিনিগৰাকী মহিলা বৰ্তমান প্ৰতিষ্ঠানটোত চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in