ডিজিটেল ডেস্ক : অসম মিজোৰামৰ সীমান্ত সংঘটিত হৈ থকা পৰিস্থিতি সম্পৰ্কে সবিশেষ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী বাৰ্তা পত্ৰ প্ৰেৰণ কৰে । ইপিনে কাছাৰ জিলাৰ উপাযুক্তৰ সৈতেও টেলিফোনিক আলোচনাত মিলিত হোৱাৰ লগতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ অতিশীঘ্ৰে ৰাওনা হৈ ঘটনাস্থলী পৰ্যবেক্ষনৰ নিৰ্দেশ দিয়ে ।
ইপিনে কাছাৰ জিলাৰ লাইলাপুৰ সীমান্ত আৰক্ষী চকীৰ অধীনৰ সীমান্ত অঞ্চলৰ পৰা মিজো দুষ্কৃতিকাৰীৰ দ্বাৰা অপহৃত হৈ মৃত্যুবৰণ কৰা ইনতাজুল লস্কৰৰ বিয়োগত মুখ্যমন্ত্ৰী গৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰে । ইপিনে নিহতৰ আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ বাবে কাছাৰৰ উপাযুক্তক নিৰ্দেশ দিয়ে ।