/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউত সংঘটিত হৈছে এক শোকাবহ ঘটনা৷ বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু। চৰাইদেউৰ সাপেখাটিত সংঘটিত এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
নিহতসকল হৈছে স্বামী আৰু পত্নী ক্ৰমে ৰিখেশ্বৰ বৰা(৩৬), শুৱলা বৰা (৩২) আৰু কন্যা হিমাদ্ৰী বৰা (১৪)। উল্লেখ্য যে, তেওঁলোক অসুস্থ হোৱাৰ পিছতে লৈ যোৱা হৈছিল হাস্পতাললৈ। ডিব্ৰুগড়ৰ এখন হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আটাইকেইজনৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us