/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b5c3a118-d304-40d1-b7b8-7062acc3f3a0/gfdgfgfdfdg.jpg)
ডিজিটেল সংবাদ,গৰৈমাৰীঃ 'ৰাইজ হ'ল ভগৱানৰ সমান৷ তাৰ ওপৰত কোনো হ'ব নোৱাৰে' -কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পানীখাইতীৰ 'চৰ-চাপৰি যুৱ ঐক্যমঞ্চ'ৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অধিবেশনৰ মুকলি আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই এইদৰে কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/04c0806a-045e-4237-8f64-e090d5ea94b5/198d0fdc_0f81_4aeb_846d_d4603b8584bf.jpg)
চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ সভাপতি ইউনুছ আলী মোল্লাহৰ সঞ্চালনাত পানীখাইতী বজাৰ প্ৰাংগণত বৃহস্পতিবাৰে সন্ধিয়া এই মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই জি কে এছ প্ৰেছ ক্লাবৰ জৰিয়তে প্ৰথম সোণতলীলৈ অহাৰ সক্ৰিয় যাত্ৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি কয়—চৰ-চাপৰিৰ প্ৰতীকটোৱেই হৈছে খেতি ৷ আমি ৰাজনৈতিক উদ্দেশ্যৰে সমাজ পৰিৱৰ্তনৰ চিন্তা কৰিলেই নহ'ব ৷ ৰাজনৈতিক উদ্দেশ্য লৈ সামাজ পৰিৱৰ্তন নতুবা উন্নয়নৰ কথা কৈ থাকিলে সি কাৰ্যকৰী নহ'ব বুলি তেওঁ কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0015f1a9-58d6-4245-bae8-619edcde0ee4/9991c7dd_382c_4602_ad2c_20a3c668eec1.jpg)
সভাত অংশগ্ৰহণ কৰি আন এগৰাকী অতিথি অসম বাণীৰ সম্পাদক দিলীপ চন্দনে চৰ-চাপৰিৰ জন-জীৱনক লৈ আমাৰ বহু কৰিবলগীয়া থকা বুলি কয় ৷ আনকি চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ কাম-কাজত তেওঁ অভিভূত হোৱা বুলি উল্লেখ কৰে৷ চৰ-চাপৰিৰ সমস্যাক লৈ চৰ-চাপৰি যুৱ ঐক্যমঞ্চই ভাল কাম কৰি অহা বুলি অসম বাণীৰ সম্পাদক দিলীপ চন্দনে কয় ৷
চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ সম্পাদক আকতাৰুল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে যুৱ ঐক্যমঞ্চৰ উপদেষ্টা আব্দুছ ছামাদে৷ সোণতলীৰ পানীখাইতীৰ চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা 'লুইতৰ চাপৰি' নামৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰলাল শৰ্মাই৷
গ্ৰন্থ উন্মোচন কৰি সাংবাদিক জিতেন্দ্ৰলাল শৰ্মাই কয়—বিগত ২০-২২ বছৰ ধৰি সোণতলীৰ সৈতে মোৰ পৰিচয় আছে৷ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লুইতৰ চাপৰি নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি অভিভূত হোৱা বুলি কয়৷ সাহিত্য-সংস্কৃতিৰ দিশত সোণতলী অঞ্চল পিচপৰি থকা নাই বুলি উল্লেখ কৰি সাহিত্য, সংস্কৃতি, শিক্ষাত সোণতলী উন্নত হোৱা বুলি জিতেন্দ্ৰলাল শৰ্মাই উল্লেখ কৰে ৷ আনহাতে উক্ত সভাত সোণতলীৰ নয়ান আলীসহ দুগৰাকী সাংবাদিকক 'চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ ২০২৩ বৰ্ষৰ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়৷ মীৰ্জা হুমায়ুন কবীৰক চৰ-চাপৰি সাহিত্য বঁটাৰ লগতে চৰ-চাপৰি আদৰ্শ শিক্ষক, আদৰ্শ অভিভাৱক বঁটা, সংগীত সাধনা বঁটা প্ৰদান কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a6d2b424-7d44-4874-b23f-cd0017b7b246/326ce4ce_83cb_4a1d_8ea7_6bb7a9a54530.jpg)
সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ৰাইজুদ্দিন আলম, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী, প্ৰাক্তন বন বিষয়া ভবেশ চন্দ্ৰ দাস, সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ কুৰবান আলী আহমেদ, সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি, জি কে এছ প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিম, প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদ, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন কোষাধ্যক্ষ আতোৱাৰ ৰহমান ভূঞাৰ উপৰি কেইবাজনো অতিথিয়ে অংশগ্ৰহণ কৰে ৷ মুকলি সভাৰ পূৰ্বে আজি পুৱাৰে পৰা স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
আনহাতে ১৩ ডিচেম্বৰত সমাজ সেৱা, পতাকা উত্তোলন, গছপুলি ৰোপন, ভেশ্বন প্ৰতিযোগিতা আদি কাৰ্যসূচী অনুষ্ঠিত হয়৷ আজি মুকলি সভাৰ পূৰ্বে কোৰাণ পাঠ, সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আদি পৰিবেশন কৰা হয় ৷ নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত-মাত পৰিবেশন কৰা হয়৷
Also Read: মহিলা ন্যায়াধীশৰ 'ইচ্ছা মৃত্যু'ৰ দাবী, প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us