বৰদলনিৰ বেদান্ত তালুকদাৰলৈ উত্তৰ-পূৰ্বাঞ্চল এন চি চিৰ বেষ্ট কেডেট ২০২০-২১ এৱাৰ্ডৰ সন্মান…

বৰদলনিৰ বেদান্ত তালুকদাৰলৈ উত্তৰ-পূৰ্বাঞ্চল এন চি চিৰ বেষ্ট কেডেট ২০২০-২১ এৱাৰ্ডৰ সন্মান…

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলাৰ বৰদলনি তথা গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ বেদান্ত তালুকদাৰে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল ৰিজিঅনৰ  ২০২০- ২১ বৰ্ষৰ বেষ্ট কেডেট এৱাৰ্ড সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ শনিবাৰে  উত্তৰ পূৰ্বাঞ্চল এন চি চিৰ অতিৰিক্ত সঞ্চালক লেফটেনেণ্ট কৰ্নেল অনুজ থাপাই এন চি চি/এন ই আৰ / 7002/34/Best Cadet/P&C/NCC নম্বৰৰ এক নিৰ্দেশনা যোগে কনিষ্ঠ শাখাত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত গোৱালপাৰা সৈনিক স্কুলৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ বেদান্ত তালুকদাৰক একক ভাৱে বেষ্ট কেডেট এৱাৰ্ডৰ সন্মান লাভ কৰিছে৷

একেদৰে এন চি চিৰ একেটা নিৰ্দেশনাতে জ্যেষ্ঠ শাখাত আনন্দ ডুৰাললৈ প্ৰথম আৰু ৰাজ চেত্ৰীলৈ দ্বিতীয় বেষ্ট এৱাৰ্ডৰ সন্মান প্ৰদান কৰিছে৷ এই এৱাৰ্ডৰ লগত আছে নগদ ধন মানপত্ৰ আৰু অন্যান্য সামগ্ৰী৷ অহা ডিচেম্বৰ মাহত গুৱাহাটীৰ এক কেন্দ্ৰীয় অনুষ্ঠানত বেদান্ত তালুকদাৰক এই এৱাৰ্ড প্ৰদান কৰিব৷ ধেমাজি বৰদলনিৰ ছাত্ৰ বেদান্ত তালুকদাৰ হৈছে ধেমাজিৰ জেষ্ঠ সাংবাদিক তথা ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ আৰু সংগীতা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ৷ বেদান্তৰ সাফল্যত ধেমাজি জিলাৰ বিভিন্ন দল-সংগঠনে অভিনন্দন আৰু শুভেচ্ছা জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in