/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/29cd8b09-3f17-4e54-bacb-24b3a829a651/10.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ সদৌ তামুলপুৰ জিলা গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ উদ্যোগত কুমাৰীকাটা আঞ্চলিক সমিতি আৰু কুমাৰীকাটাবাসী ৰাইজৰ আতিথ্যত সদৌ অসম গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক কুমাৰীকাটা অধিবেশন খন অহা ৩০ আৰু ৩১ জানুৱাৰীত কুমাৰীকাটাত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে ৷
বুধবাৰৰ সদৌ অসম গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক কুমাৰীকাটা অধিবেশনৰ আদৰণি সমিতিৰ মুখ্য কাৰ্যলয় গৃহৰ শুভ উদ্বোধন কৰা হয় ৷ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নুৰুল আলীয়ে৷ আদৰণি সমিতিৰ সভাপতি ডুলুজিৎ ভড়ালীৰ সঞ্চালনাত আৰম্ভ হোৱা আৰু সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সভাপতি হাচিম আলীয়ে আঁত ধৰা উদ্বোধনী সভাত উদ্বোধক নুৰুল আলীয়ে নিজৰ উদ্বোধনী ভাষনত অধিবেশনৰ সফল কামনা কৰে।
অৱসৰ শিক্ষক দুলাল দাস, মহিম আলী, সমাজকৰ্মী দীপক চৌধুৰী জিচাই বাঘ, সদৌ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক ৰিজুল হ’ক, প্ৰতিষ্ঠাপক সভাপতি কাছিম আলী, প্ৰাক্তন সভাপতি মোজামিল হ’ক, উপ সভাপতি খবিৰ আহমেদ, তামুলপুৰ জিলাৰ উপদেষ্টা ৰাজু আহমেদ, কেন্দ্ৰীয় সহকাৰী সম্পাদক বাপধন আহমেদৰ লগতে সংগঠনটো কৰ্মকৰ্ত্তাসকল উপস্থিতি থাকে।
Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us