বিশিষ্ট চিত্ৰশিল্পী বেনু মিশ্ৰৰ দেহাৱসান

বিশিষ্ট চিত্ৰশিল্পী বেনু মিশ্ৰৰ দেহাৱসান
  • বিশিষ্ট চিত্ৰশিল্পী বেনু মিশ্ৰৰ দেহাৱসান।
  • বুধবাৰে পুৱা ৬ বজাত ৮০ বছৰ বয়সত দেহাৱসান ঘটে শিল্পী গৰাকীৰ।
  • মিশ্ৰৰ মৃত্যুত শিল্পী সমাজৰ লগতে বহু গুণমুগ্ধৰ শোকপ্ৰকাশ।
  • গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক আৰু ভাৰতীয় গন নাট্য সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল বেণু মিশ্ৰ ।
  • চিত্ৰৰ পৃথিৱীত তেওৰ আছিল সুকীয়া স্থান।
  • কাহিলিপাৰাৰ নিজা বাসভৱনত মৃত্যু মিশ্ৰৰ
  • কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী
  • ১৯৩৯ চনত বৰপেটাত জন্ম হৈছিল মিশ্ৰৰ
  • শান্তি নিকেতনৰ পৰা অৰ্জন কৰিছিল চিত্ৰকলাৰ শিক্ষা
  • দীৰ্ঘদিন চাকৰি কৰিছিল অসম চৰকাৰৰ জনসংযোগ বিভাগত
  • দেশ-বিদেশত অনুষ্ঠিত হৈছিল মিশ্ৰৰ শিল্প প্ৰদৰ্শনী
  • গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আছিল মিশ্ৰ
  • ১৯৭৬ চনৰ পৰা ১৯৮৯ চনলৈ আছিল গীল্ডৰ সভাপতি
  • ২০০০ চনত জনসংযোগৰ পৰা অৱসৰ গ্ৰহণ
  • 'কথা গুৱাহাটী' আলোচনীৰ কলা সম্পাদক আছিল মিশ্ৰ
  • ২০০৬ চনত লাভ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা বঁটা
  • সহস্ৰাধিক গ্ৰন্থৰ প্ৰচ্ছদ শিল্পী আছিল বেণু মিশ্ৰ
  • অসমীয়া গ্ৰন্থৰ প্ৰচ্ছদক নান্দনিক মাত্ৰা দিছিল মিশ্ৰই
  • মিশ্ৰৰ মৃত্যুত শোকস্তব্ধ অসমৰ শিল্প জগত
  • মিশ্ৰৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোকপ্ৰকাশ
  • গুৱাহাটী আৰ্টিষ্ট গীল্ডে প্ৰকাশ কৰিছে গভীৰ শোক
  • কিছুসময়ৰ পাছতে তেওৰ নশ্বৰদেহ অনা হ'ব চানমাৰীৰ আৰ্টিষ্ট গিল্ডলৈ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in