ৰোমৰ অভিৱৰ্তনত গৱেষণা পত্ৰ পাঠৰ বাবে আমন্ত্ৰিত অসমৰ কৰ্কট ৰোগ বিশেষজ্ঞ…

ৰোমৰ অভিৱৰ্তনত গৱেষণা পত্ৰ পাঠৰ বাবে আমন্ত্ৰিত অসমৰ কৰ্কট ৰোগ বিশেষজ্ঞ…

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাক ৰোমৰ ইন্টাৰনেশ্যনেল একাডেমী অৱ অৰেল অনক'লজীয়ে সপ্তম ৱ'ৰ্ল্ড কংগ্ৰেছ অন অৰেল অনক'লজীত বক্তৃতা প্ৰদানৰ বাবে নিমন্ত্ৰণ জনাইছে।

যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ মগজু আৰু ডিঙিৰ কৰ্কট ৰোগ বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ এম এন বৰুৱাই ৩১ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈ ৰোমত অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত কিউৰেটিড ইনটেন্ট ট্ৰীটমেন্ট অন পেচেন্ট উইথ অৰেল কেভিটি স্কোমাছা চেল কাৰ্চিন'মা উইথ স্কীন ইনভ'লভমেন্ট-আৱাৰ এক্সপেৰিয়েন্স শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰাৰ লগতে বিশেষ বক্তৃতা প্ৰদান কৰিব।ডাঃ বৰুৱাৰ এই যাত্ৰাত ভাৰতৰ আন এগৰাকী গৱেষক চিকিৎসক ডাঃ মহামায়া প্ৰতাপ সিঙেও সংগ দিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in