নেছ’ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধলৈ অসম সাহিত্য সভাৰ সমৰ্থন প্ৰদান…

নেছ’ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধলৈ অসম সাহিত্য সভাৰ সমৰ্থন প্ৰদান…

ডিজিটেল ডেস্কঃ অহা ১০ ডিচেম্বৰ, ২০১৯ত উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ' আৰু আছুকে ধৰি বিভিন্ন সংগঠনে ঘোষণা কৰিছে অসম বন্ধৰ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিব বিচৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ঘোষণা কৰা এই অসম বন্ধক সমৰ্থন জনাইছে অসম সাহিত্য সভাই।

এক বিবৃতিযোগে অসম সাহিত্য সভাই নেছ' আৰু আছুৰ লগতেআন সংগঠনসমূহে ঘোষণা কৰা অসম বন্ধক সমৰ্থন জনোৱা বুলি জনায়। জাতি আৰু ভাষাবিপদাপন্ন হোৱাৰ সময়ত ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ১০ ডিচেম্বৰৰ অসম বন্ধৰলৈনৈতিক সমৰ্থন আগবঢ়াইছে বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে অসম সাহিত্য সভাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in