বিশ্বনাথ জিলাৰ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্রদান...

বিশ্বনাথ জিলাৰ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্রদান...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ জিলাৰ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্রদান...

ডিজিটেল সংবাদ,বিহালীঃ সদ্য ঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত বিশ্বনাথ জিলাৰ সৰ্বমুঠ ৫৩৮ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক বুধবাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। বিশ্বনাথৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত সদ্য ঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্র-ছাত্রীৰ প্রতি গৰাকীলৈ ১৫,০০০/- টকাকৈ এই বটাঁ প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা । বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ তিনিটাকৈ শিক্ষাখণ্ডৰ ছয় গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে গৌৰৱ ৰাজ বৰুৱা, সুজাতা দাস, কৌস্তুভমণি কেওঁট, ডিম্পী বসুমতাৰী, সাৰংগনা ভুঞা আৰু যশশ্বী শইকীয়াক প্ৰতিনিধিত্বমূলকভাৱে বঁটাৰ চেক প্ৰদান কৰাৰ পিছতে এই বঁটাৰ বাবে নিৰ্বাচিত জিলাখনৰ মুঠ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টযোগে নিৰ্দিষ্ট ধনৰাশি আৰু প্ৰমাণ পত্ৰ প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয়।

Also Read: মণিপুৰৰ বিদ্ৰোহী সংগঠন UNLF আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ