কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ...

কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ।আদালতৰ পৰাই পলায়ন অভিযুক্ত আব্দুল বাছিতৰ।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত ব্যৰ্থতা! পুনৰ জিম্মাৰ পৰা পলায়ন কৰিলে অভিযুক্তই।এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত।

Advertisment

কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ। আদালতৰ পৰা পলায়ন কৰা অভিযুক্ত আব্দুল বাছিত বুলি জানিব পৰা গৈছে। শৌচাগাৰলৈ যোৱাৰ কথা কৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে অভিযুক্তই।

অভিযুক্তৰ বিৰুদ্ধে আছিল গাড়ী চুৰিসহ একাধিক গোচৰ। শনিবাৰে বাৰইগ্রাম আৰক্ষীয়ে আটক কৰিছিল আব্দুল বাছিতক। তাৰ পাছতে পাথাৰকান্দি আৰক্ষীয়ে আদালতলৈ আনিছিল অভিযুক্তক।

আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলায়ন কৰা ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ এনে কাণ্ডই আৰক্ষীৰ হেমাহি বা ব্যৰ্থতাৰ কথাকো কিছু পৰিমাণে সূচায়। অভিযুক্তক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।

Also Read: হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...

Assam police