প্ৰদীপ ভূঞা, বন্তি ভূঞা আৰু জয়ন্ত বৰুৱা ডাঙৰীয়া আমাক ক্ষমা কৰিবঃ অসমৰ ৰাইজলৈ অভিজিৎ শৰ্মাৰ মুকলি ক্ষমা প্ৰাৰ্থনা,VIDEO

প্ৰদীপ ভূঞা, বন্তি ভূঞা আৰু জয়ন্ত বৰুৱা ডাঙৰীয়া আমাক ক্ষমা কৰিবঃ অসমৰ ৰাইজলৈ অভিজিৎ শৰ্মাৰ মুকলি ক্ষমা প্ৰাৰ্থনা,VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদ্য ঘোষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা শনিবাৰে দিনৰ ১০ বজাত প্ৰকাশ হয়। বহু বাক বিতৰ্ক আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ অন্তত শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাত বাদ পৰিছে প্ৰায় ১৯ লাখ লোকৰ নাম। এনে পৰিপ্ৰেক্ষিতত অসমত প্ৰস্তুত কৰা এন আৰ চিত বিংসগতি ৰৈ যোৱাৰ অভিযোগ তোলে আসাম পাব্লিক ৱৰ্কাছৰ সভাপতি অভিজিৎ শৰ্মাই।

শনিবাৰে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে এই তালিকা আসোঁৱাহপূৰ্ণ বুলি চূড়ান্ত অসন্তুষ্টি ব্যক্ত কৰি অভিজিৎ শৰ্মাই কয়, 'এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসমবাসীয়ে মূৰত বহুৱাই লোৱাৰ বাবেই অসমীয়া জাতিটো আজি ধ্বংসমুখী হ'ল।' এন আৰ চি নিৰ্ভুল আৰু প্ৰস্তুতকৰণ প্ৰক্ৰিয়াক ক্ষীপ্ৰতৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা অভিজিৎ শৰ্মাই হাতযোৰ কৰি মুকলিকৈ কয়, 'আইনী যুঁজত আৰ্থিকভাৱে সহায় কৰা প্ৰদীপ ভূঞা, পত্নী বন্তি ভূঞা আৰু আৰু সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ লগতে অন্যান্য সকলক মই হাতযোৰ কৰি ক্ষমা খুজিছো। ৰাইজকো ক্ষমা খুজিছো। লগতে ক্ষমা বিচাৰিছো সংবাদ মাধ্যমৰ সকলোকে। এই সকলোৱে এখন শুদ্ধ এন আৰ চিৰ বাবে আমাক সহায় কৰিছিল। কিন্তু এন আৰ চি কৰ্তৃপক্ষই এখন নিৰ্ভুল এন আৰ চি উলিয়াই দিব নোৱাৰিলে। অসমৰ ৰাইজৰ বাবে দুখৰ খবৰ। পাইলট প্ৰজেক্টৰ সময়ত জংগী প্ৰতিবাদ কৰা আমছুৱে আজি বৰপেটাত এন আৰ চি প্ৰকাশ হোৱাৰ পিছতে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছে। আমছুৱে এন আৰ চিক লৈ গ্ৰহণ কৰা স্থিতিৰ পিছত অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত।'

অন্যহাতে এন আৰ চি প্ৰকাশত যিটো ছফটৱেৰ ব্যৱহাৰ কৰা হৈছে, সেইটো তৃতীয় পক্ষৰ দ্বাৰা কিয় পৰীক্ষা কৰা নহ'ল বুলিও প্ৰশ্ন কৰে অভিজিৎ শৰ্মাই। এন আৰ চিৰ বিসংগতিক লৈ তেওঁ পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব বুলি জানিবলৈ দিয়ে। লগতে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ নিজৰ মত ৰাখিব বুলিও সদৰী কৰে এপিডব্লিউৰ সভাপতিগৰাকীয়ে।

ইফালে এন আৰ চিৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত উইপ্ৰো নামৰ অসমৰ স্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নথকা বানিজ্যিক প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ তথা প্ৰযুক্তি ব্যৱহাৰ কৰাটো এক বৃহৎ ভুল বুলি অভিহিত কৰি ইয়াৰ পুনৰীক্ষণৰো দাবী তোলে নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in