ৰাজ্যৰ ৪ প্ৰভাৱশালী গগৈ : কম দিনতে এজন হ’ল পিতৃহাৰা,দুজন হ’ল মাতৃহাৰা,এজনৰ মাতৃ অসুস্থ…

ৰাজ্যৰ ৪ প্ৰভাৱশালী গগৈ : কম দিনতে এজন হ’ল পিতৃহাৰা,দুজন হ’ল মাতৃহাৰা,এজনৰ মাতৃ অসুস্থ…

ডিজিটেল ডেস্ক : অসমৰ সমাজ জীৱনত ৰাজনীতি বা দিশত বিশেষ প্ৰভাব পেলোৱা চাৰি জন বিশেষ ব্যক্তি আছিল । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ পদত অধিস্থিত হৈ অবসৰ লৈছিল ৰঞ্জন গগৈয়ে । অবসৰৰ পিছতে ৰাজ্য সভাৰ সাংসদ হৈছিল গগৈ । শুকুৰবাৰে ৰঞ্জন গগৈয়ে হেৰুৱালে মাতৃ শান্তি গগৈক। তেওঁ আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কেশব গগৈৰ পত্নী ।

সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি অসম জাতীয় পৰিষদৰ জৰিয়তে ৰাজনীতিত প্ৰবেশ কৰিছিল লুৰীণ জ্যেতি গগৈয়ে । লুৰীণ জ্যোতি গগৈয়েও শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে হেৰুৱালে মাতৃ দুলু গগৈক।

অসমৰ ৰাজনীতিত শেহতীয়াকৈ চৰ্চিত এটা নাম গৌৰৱ গগৈ । কলিয়াবৰ সমষ্টিৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে হেৰুৱালে পিতৃ তৰুণ গগৈক । উল্লেখযোগ্য যে তিনিবাৰকৈ ধাৰাবাহিক ভাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হোৱা তৰুণ গগৈ আছিল ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি ।

কা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ কৰি আজি পৰ্যন্ত কাৰাগাৰত চৰকাৰে বন্দী কৰি থৈছে অখিল গগৈক । কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে । শিবসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা অখিল গগৈৰ হৈ প্ৰচাৰ চলাইছিল মাতৃ প্ৰিয়দা গগৈয়ে । নিৰ্বাচনৰ পিছৰে পৰা তেওঁ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে । সকলোৱে নেদেখা জনক প্ৰাৰ্থনা জনাইছে প্ৰিয়দা গগৈ আশু আৰোগ্য কামনাৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in