যোৰহাটত মাৰোৱাৰী ঠাকুৰবাৰীত ভয়াবহ অগ্নিকাণ্ডঃ ৮ খন ব্যৱসায়ীক প্ৰতিষ্ঠান, ৩ মহলীয়া আৱাসীক গৃহ ভস্মিভূত...

ডিজিটেল ডেস্কঃ যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰী সমীপত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোলৈ বিপদ কঢ়িয়াই আনিছে। বিস্ফোৰণ হৈছে এটাৰ পিছত এটাকৈ গেছ চিলিণ্ডাৰ।

বুধবাৰে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জুই নিৰ্বাপিত কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে চেষ্টা চলাই আছে যদিও বৰ্তমান পৰ্যন্ত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। এতিয়ালৈকে প্ৰায় ৮ টাকৈ ঘৰ ভস্মিভূত হৈছে।

ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পিছফালে থকা এটা ৩ মহলীয়া ঘৰো সম্পূৰ্ণৰূপে ভস্মিভূত হৈ পৰিছে। অসহায় হৈ পৰিছে অগ্নি নিৰ্বাপক বাহিনী। ফলত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে।

উল্লেখ্য যে, অতি ঘন বসতিপূৰ্ণ ব্যৱসায়িক অঞ্চলটোৰ বহু ব্যৱসায় প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হ'বলৈ ধৰাত পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে। অৱশ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে আৱাসিক অঞ্চলটোৰ আৱাসীসকলক সুকলমে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in