কোভিডতকৈও ভয়াৱহ হাৰত অসম চানিছে জিহাদৰ ভাইৰাছে, চোৰাংচোৱাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

কোভিডতকৈও ভয়াৱহ হাৰত অসম চানিছে জিহাদৰ ভাইৰাছে, চোৰাংচোৱাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

ডিজিটেল ডেস্কঃ কোভিড আতংকৰ মাজতেই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই শেহতীয়া প্ৰতিবেদনত ৰাজ্যৰ গৃহ বিভাগ তথা অসম আৰক্ষীৰ শীৰ্ষ মহলত হাহাকাৰ লগাইছে। বিগত প্ৰায় দুই দশক ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা চুবুৰীয়া ৰাষ্ট্ৰ ইছলামিক সংগঠনৰ ছদ্মবেশী আগ্ৰাসনৰ ভয়াৱহ তথ্যক লৈ চোৰাংচোৱা সংস্থাই দাখিল কৰিছে এই প্ৰতিবেদন।

পূৰ্বে আই এছ আই এছ, জে এম বি, নিঅ' জে এম বি, জেহাদী, অল কায়দা আদি কুখ্যাত আন্তৰ্জান্তিক সংগঠনে এইবাৰ ছদ্মৱেশত অসমকে ধৰি ভাৰতৰ ২৪খন ৰাষ্ট্ৰত কোভিড আৰু নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশৰ আচিলা লৈ বিভিন্ন মাধ্যমত বিস্তৃতভাৱে জাল তৰাৰ বিস্ফোৰক তথ্য কেন্দ্ৰীয় সংস্থাটোৱে তেওঁলোকৰ প্ৰতিবেদনত আগবঢ়াইছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে কেইদিনমান পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এখন সংবাদমেলত ৰাজ্যখনত পুনৰ ইছলামিক সন্ত্ৰাসবাদৰ কৌশলী পুণৰুত্থানৰ ইংগিত প্ৰদান কৰে। পিছে লক্ষ্যণীয় কথাটো হল, উক্ত সংবাদমেলৰ বহুপূৰ্বেই কেন্দ্ৰীয় সংস্থাটোৱে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত নিৰক্ষৰতা আৰু দাৰিদ্ৰৰ সুবিধা লৈ স্বেচ্ছাসেৱী অনুষ্ঠানৰ নামত অতি কৌশলেৰে জেহাদৰ শিক্ষা দিয়া সন্দৰ্ভত কেন্দ্ৰীয় গৃহ দপ্তৰকো সৰ্তক কৰি দিছিল যদিও সময়ত সঠিক পদক্ষেপ নোলোৱাৰ বাবেই কোভিড আৰু নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতিত ইয়াৰ দ্ৰুত প্ৰসাৰ ঘটা বুলি জানিব পৰা গৈছে।

প্ৰতিবেদনখনৰ মতে, দেশৰ জনতাৰ অধিকাৰ সন্দৰ্ভত কাম কৰাৰ ঘোষণাৰে প্ৰতিষ্ঠিত এক বৃহত স্বেচ্ছাসেৱী সংস্থাই দিল্লীত কাৰ্যালয় পাতিয়েই সমগ্ৰ দেশৰ ২৪খন ৰাজ্যত ইতিমধ্যে ২০ লক্ষাধিক লোকক তেওঁলোকৰ সদস্য ভৰ্তি কৰাই নহয় কেইবাহাজাৰ সৰু সৰু বেচৰকাৰী সংস্থাকো সমাজসেৱাৰ নামত কৌশলেৰে এনে কাৰ্যত জড়িত কৰোৱাৰ তথ্য চোৰাংচোৱা সংস্থাটোৰ হাতত পৰিছে।

প্ৰতিবেদনখনত অতি স্পষ্টভাৱে এই কথাও কোৱা হৈছে যে, পাকিস্তানৰ আই এছ আই আৰু বাংলাদেশৰ চোৰাংচোৱাৰ সৈতে সুসম্পৰ্ক ৰাখি অসমৰ মাজেৰে দক্ষিণ পূব এচিয়াৰ বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, চুপাৰি, কয়লা, শিশু-নাৰী আৰু পশুধনৰ চোৰাং কাৰবাৰতো লিপ্ত হৈ আছে এই চক্ৰটো।  ইয়াৰ নেতৃত্ববহনকাৰী তিনিগৰাকী বিশেষ ব্যক্তিয়ে বাংলাদেশ চোৰাংচোৱাৰ এজেন্ট হিচাপে অসমতেই থাকি ৰাজ্যখনৰো প্ৰশাসনীয় শীৰ্ষ পদাধিকাৰীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছে। ওপৰে ওপৰে তেওঁলোক অবৈধ সামগ্ৰীৰ চোৰাং সৰবৰাহকাৰী হিচাপে চিহ্নিত হলেও এই চক্ৰ গুপ্ত এজেন্টা পিছে অসম তথা উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশত প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ সাংগাঠনিক ভেটি প্ৰসাৰিত কৰা।

ৰহস্যজনক কথাটো হল, এনে এক ভয়ংকৰ তথ্য সম্বলিত প্ৰতিবেদন কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিও বিভিন্ন ৰাজ্যত কৰ্মৰত গৃহ আৰু আৰক্ষী বিভাগত কৰ্মৰত একাংশ শীৰ্ষ বিষয়াই জেহাদীৰ গুপ্ত অভিযানৰ এই নক্সাত কৌশলেৰে তল পেলাই থৈ অবৈধ সামগ্ৰীৰ সৰবৰাহত  এই চক্ৰ জড়িত বুলি বিষয়টোক তৰল কৰি ৰাখিছে। অৱশ্যে সময়ে সময়ে এই চক্ৰৰ মাধ্যমতেই সৰবৰাহ হোৱা সা-সামগ্ৰীৰ একাংশ জব্দ কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত সক্ৰিয়তা প্ৰদৰ্শন কৰিছে যদিও মূল সেনাপতি কেইগৰাকীৰ বিৰুদ্ধে জানি-শুনিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এই সন্দৰ্ভত উঠা আন এক অভিযোগ মতে, আন্তজাৰ্তিক হেচাঁ আৰু দিল্লীস্থিত প্ৰখ্যাত সংস্থাটোৰ পৰা অহৰহ ইয়াৰ বাবে চাপ প্ৰয়োগ কৰি থকা হৈছে। আৰু সময়ে সময়ে ইয়াৰ বিনিময়ত অসম তথা উত্তৰ পূবৰো বিশেষ প্ৰশাসনীয় মুবব্বীয়ে ধন-গাড়ীকে ধৰি অন্য মূল্যৱান উপঢৌকন সময়ে সময়ে লাভ কৰি আহিছে। বিষয়টোৱে অতি স্বাভাৱিকভাৱেই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোক ক্ষুদ্ধ কৰি তুলিছে। আজিৰ প্ৰতিবেদনত এই বিষয়ৰ সন্দৰ্ভত ইয়াৰ কিছু আভাসে দিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in