ফেচবুকত আলফাক সমৰ্থন কৰি মোৰাঝাৰত গ্ৰেপ্তাৰ যুৱক…

ফেচবুকত আলফাক সমৰ্থন কৰি মোৰাঝাৰত গ্ৰেপ্তাৰ যুৱক…

ডিজিটেল সংবাদ মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে নিষিদ্ধ ঘোষিত আলফাক ফেচবুক যোগে সমৰ্থন কৰাৰ অভিযোগত শনিবাৰে ৰাতিপুৱা এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । ধৃত যুৱক জন হৈছে মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীখালি গাঁৱৰ বাসিন্দা মৃত মুহিবুৰ ৰহমানৰ পুত্ৰ আব্দুল ইস্তাক (২২) ।

ধৃত আব্দুল ইস্তাক হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাষিক অধ্যয়নৰত ছাত্ৰ । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আব্দুল ইস্তাকক সামাজিক মাধ্যম ফেচবুকযোগে নিষিদ্ধ ঘোষিত আলফাৰ সমৰ্থনত পোষ্ট কৰাৰ অভিযোগত মোৰাঝাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(খ),১২১(ক)/১২১,আৰ ডব্লিও ১০/১৩ ইউএপিএ আৰু ৬৭ আই টি এক্টৰ অধীনত ১২৯/২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছে ।

মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আব্দুল ইস্তাকক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতা আব্দুল ইস্তাকক হোজাই জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই মোৰাঝাৰ আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in