গৱেষক ছাত্ৰক বহিষ্কাৰৰ প্ৰতিবাদত অসম বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ…

গৱেষক ছাত্ৰক বহিষ্কাৰৰ প্ৰতিবাদত অসম বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ…

ডিজিটেল সংবাদ, শিলচৰঃ অসম বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞানৰ গৱেষক ছাত্ৰ মিলন দাসক ২ বছৰৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাৰ প্ৰতিবাদত সোমবাৰে বিশ্ববিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷

বিশ্ববিদ্যালয়খনৰৰ মুল প্ৰৱেশ দ্বাৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰায় ৬০০ ছাত্ৰ-ছাত্ৰীয়ে মিলন দাসৰ বহিষ্কাৰ প্ৰত্যাহাৰ, মিলন দাসৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰসহ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথক অপসাৰণৰ দাবী জনাই ছাত্ৰ-ছাত্ৰী সকলে৷

এজন ছাত্ৰক বহিষ্কাৰ কৰাৰ পূৰ্বে তেওঁক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা, তদন্ত কমিটী গঠন কৰা আৰু অভিযুক্ত ছাত্ৰক শুনানীত উপস্হিত থকা নিয়ম যদিও মিলন দাসৰ ক্ষেত্ৰত এইবোৰ কৰা হোৱা নাই বুলি অভিযোগ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ৷ ছাত্ৰ-ছাত্ৰী সকলৰ এই দাবী মানি নোলোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ-ছাত্ৰী সকলে৷

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰী সকলৰ এই প্ৰতিবাদৰ ফলত বিশ্ববিদ্যালয়ৰ কাম-কাজ অচল হৈ পৰে যদিও সোমবাৰৰ পৰা অনুষ্ঠিত আইন বিভাগৰ পৰীক্ষাসমূহক ৰেহাই দিয়ে প্ৰতিবাদকাৰীসকলে৷ বিশ্ববিদ্যালয়ৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মিলন দাসে কেইবাবাৰো আন্দোলন কৰা বাবেই মিলন দাসক অন্যায়ভাবে বহিষ্কাৰ কৰা বুলিও অভিযোগ কৰে ছাত্ৰ-ছাত্ৰী সকলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in