হাত দাঙিলে কেন্দ্ৰীয় চৰকাৰে! পুনৰুজ্জ্বীৱিত নহয় অসমৰ ২ কাগজকল…

হাত দাঙিলে কেন্দ্ৰীয় চৰকাৰে! পুনৰুজ্জ্বীৱিত নহয় অসমৰ ২ কাগজকল…

ডিজিটেল সংবাদ,শিলচৰঃ দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিচতে অসমৰ নগাওঁ আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জ্বীৱিত কৰিম বুলি অসমৰ ৯ গৰাকী সাংসদৰ প্ৰতিনিধি দল এটাক আশ্বাস দিছিল কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী অৰবিন্দ গনবত শ্বায়ন্তে ৷

যোৱা ১৯ জুনত মন্ত্ৰীগৰাকীয়ে অসমৰ সাংসদ কেইজনক প্ৰতিশ্ৰুতি দিয়াৰ ১ সপ্তাহ নৌ হওতেই এইবাৰ পাভলুটি মাৰিলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ যোৱা সোমবাৰে ৰাজ্য সভাত সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাছাৰ আৰু নগাওঁ কাগজ কল দুটা পুনৰুজ্জ্বীবিত হোৱাৰ কোনো সম্ভৱনা নাই বুলি ঘোষনা কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এনে মিথ্যাচাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে কাগজ কল দুটাৰ কৰ্মচাৰী সংগঠন সমুহ ৷ মন্ত্ৰী গৰাকীৰ এনে দ্বিচাৰিতাৰ বিৰুদ্ধে কৰ্মচাৰী সকলে পুনৰ আন্দোলন কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ হুমকি দিছে ৷

শিলচৰত 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰছ ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় – ২৯ মে'ৰ NCLAT ৰ নিৰ্দেশটো গোপন কৰি কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে সোমবাৰে ৰাজ্য সভাত যি মন্তব্য আগবঢ়াইছে তাৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in