ওৰাঙত বৃহৎ পৰিমাণৰ অবৈধ সাৰৰ সৈতে আটক তিনি চোৰাং সাৰ সৰবৰাহকাৰী…

ওৰাঙত বৃহৎ পৰিমাণৰ অবৈধ সাৰৰ সৈতে আটক তিনি চোৰাং সাৰ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ ওৰাং: ৰাজ্যত সক্ৰিয় আন্তঃৰাজ্যিক অবৈধ চোৰাং সাৰ সৰবৰাহকাৰী চক্ৰ। ওৰাং আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ সাৰৰ সৈতে ৩ জন ব্যক্তি। খাৰুপেটীয়াৰ পৰা শোণিতপুৰৰ বৰছলাৰ ভঙামন্দিৰ নিউ কৃষি কল্যাণ বীজ ভাণ্ডাৰ লৈ অবৈধ সাৰ কঢ়িয়াই নিয়াৰ পথত ওৰাং আৰক্ষীয়ে জব্দ কৰে সাৰখিনি।

যি সময়ত ৰাজ্যত সাৰৰ নাটনিৰ বাবে কৃষকৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়তে ৰাজ্যত অব্যাহত আছে চোৰাং সাৰৰ ৰমৰমীয়া বেহা। এখন জিলাৰ পৰা আন এখন জিলা লৈ সাৰ সৰবৰাহ কৰাত নিষেধাজ্ঞা আছে। কিন্তু সকলো নিয়ম-নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰি চোৰাং সৰবৰাহকাৰীয়ে চলাই আছে সাৰৰ ৰমৰমীয়া বেহা।

খাৰুপেটীয়াৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰাং সাৰৰ ৰমৰমীয়া বেহা চলাই আছে চোৰাং সাৰ সৰবৰাহকাৰীয়ে।ওৰাং আৰক্ষীয়ে দুখন বাহনৰ পৰা চোৰাং ইউৰিয়া ৫০ বেগ, ডি এ পি ৩০ বেগ, এম অ পি ৪০ বেগ জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা বাহন দুখন হৈছে টাটা ডি আই (AS 25DC 9618 আৰু AS 25 DC 9267)। জব্দ হোৱা অবৈধ সাৰখিনি কৃষি বিভাগে নিৰিক্ষণ কৰি ভেজাল সাৰ হোৱাৰ আশংকা কৰিছে।

এম অ পি সাৰৰ নামত চোৰাং সাৰ সৰবৰাহকাৰীয়ে ইটাৰ গুৰি আৰু নিমখ মিহলি কৰি ভেজাল এম অ পি সাৰ প্ৰস্তুত কৰাৰ আশংকা ব্যক্ত কৰিছে কৃষি বিষয়াই। চোৰাং সাৰৰ সৈতে ওৰাং আৰক্ষীয়ে আটক কৰিছে চোৰাং সাৰ সৰবৰাহকাৰী তিনি জনকৈ লোকক।

আটকাধীন লোক কেইজন হৈছে গোলাপ হুছেইন (২৫), ৰামিজ উদ্দিন (২৫) আৰু গোলাপ আলি (৩২)।‌ তিনিওজনকে আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে ওৰাং আৰক্ষীয়ে। উল্লেখযোগ্য যে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবীন্দ্ৰ ৰাভা আৰু ওৰাং আৰক্ষী থানাৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক ৰফিকুল ইছলামৰ নেতৃত্বত জব্দ কৰিবলৈ সক্ষম হৈছে এই চোৰাং সাৰ।

ওৰাং আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি চোৰাং সাৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমান লৈকে তদন্তৰ খাতিৰত কোনো মন্তব্য প্ৰদান কৰা নাই আৰক্ষী আৰু কৃষি বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in