৬১ সংখ্যক বড়ো সাহিত্য সভাৰ আজি আন্তিম দিনঃ ৰাষ্ট্ৰপতিক আদৰিবলৈ সকলো প্ৰস্তুত…

৬১ সংখ্যক বড়ো সাহিত্য সভাৰ আজি আন্তিম দিনঃ ৰাষ্ট্ৰপতিক আদৰিবলৈ সকলো প্ৰস্তুত…

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাৰ কচুবাৰীৰ গৌজন পথাৰত অনুষ্ঠিত হৈ থকা বড়ো সাহিত্য সভাৰ আজি অন্তিম দিন। সোমবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ অন্তিম দিনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

অধিৱেশন মূল সভাৰ লগত সংগতি ৰাখি বাহিৰ কৰা হ'ব এক বৰ্ণাঢ্য সাংস্কৃতিক ৰেলী। বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে বিটিআৰ চৰকাৰৰ প্ৰায়বোৰ নেতা আৰম্ভণিৰে পৰা এই সভাস্থলিত উপস্থিত আছে। মূল সভাৰ কাৰ্যসূচীত মহামহিম ৰাষ্ট্ৰপতিৰ লগতে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমছিং টামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, বিটিআৰৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ ৰনগৌৰা নাৰ্জাৰীকে ধৰি বহু ব্যক্তিয়ে উপস্থিত থাকিব।

উল্লেখ্যে যে বড়ো সাহিত্য সভাৰ অধিৱেশন উপলক্ষে দেশৰ লগতে বিদেশৰ বহু লেখক, সাহিত্যিকৰ আগমণ ঘটিছে। মঙ্গলবাৰৰ দ্বিতীয় দিনটোত অধিৱেশনস্থলিত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে ত্ৰিপুৰা, নেপাল, বাংলাদেশৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, পাৰ্থ সাৰথি মহন্ত, বড়ো জনগোষ্ঠীয় নেতাই।

ইফালে তৃতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বড়ো জনগোষ্ঠীয় লোকসকলৰ আগমণ ঘটিছে। ৰাষ্ট্ৰপতিৰ আগমণৰ বাবে অধিৱেশনস্থলিত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। যাৰবাবে অধিৱেশনস্থলীৰ বহু আঁতৰতেই বাহনসমূহ ৰখাবলগীয়া হৈছে। ফলস্বৰূপে সৰ্বসাধাৰণে বহু দূৰ খোজ কাঢ়িবলগীয়া হৈছে যদিও সকলোৱে হাঁহিমুখে জনগোষ্ঠীতোৰ স্বাৰ্থত এই কষ্ট স্বীকাৰ কৰিছে। কোনেও ইয়াৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in