ভাল খবৰঃ গণৰাজ্য দিৱসত প্ৰদৰ্শিত ভিন্ন ৰাজ্যৰ প্ৰতীক পটৰ ভিতৰত প্ৰথম অসম

ভাল খবৰঃ গণৰাজ্য দিৱসত প্ৰদৰ্শিত ভিন্ন ৰাজ্যৰ প্ৰতীক পটৰ ভিতৰত প্ৰথম অসম

ডিজিটেল ডেস্কঃ অসমৰ কৃষ্টি-সংস্কৃতি তথা জাতীয় জীৱনৰ চৰম ভাবুকি নাগৰিকত্ব সংশোধনী আইন। যাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি নিতৌ সাব্যস্ত হৈছে এই আইনবিৰোধী প্ৰতিবাদ। প্ৰতিজন অসমীয়াই নিজৰ জাতিটোৰ প্ৰতি অহা এই সংকট উপলব্ধি কৰিছে। তাৰ মাজতে ৰাজ্যবাসীৰ বাবে আহিছে এটা ভাল খবৰ। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা অসমৰ প্ৰতীক পটে লাভ কৰিছে প্ৰথম পুৰস্কাৰ।

সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি গণৰাজ্য দিৱসত প্ৰদৰ্শিত হোৱা দেশৰ ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক পট সমূহৰ মাজত অসমৰ প্ৰতীক পটে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। আনহাতে যুটীয়াভাৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ওড়িশা আৰু উত্তৰ প্ৰদেশৰ প্ৰতীক পটে। চৰকাৰী সূত্ৰ অনুসৰি পুৰস্কাৰ প্ৰাপ্ত ৰাজ্যসমূহক মঙলবাৰে এই বঁটা প্ৰদান কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

উল্লেখ্য যে, ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ অসমৰ প্ৰতীক পটত স্থান পাইছিল বাঁহ-বেতৰ কাৰিকৰীৰ লগতে ঢোল, পেঁপা, ভোৰতাল আৰু সত্ৰীয়া সংস্কৃতিয়ে। এই প্ৰতীক পটত উদ্ভাসিত হৈ পৰিছিল অসমৰ লোক কৃষ্টি, সংস্কৃতি। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে উপস্থিত আছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জয়ৰ বোলচোনাৰ।

ইফালে গণৰাজ্য দিৱসত প্ৰদৰ্শিত প্ৰতীক পটত শ্ৰেষ্ঠতাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় বিপৰ্যয় প্ৰতিৰোধৰ প্ৰতীক পটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in