স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰচ, প্ৰাপ্য অধিকাৰৰ পৰাহে বঞ্চিত চাফাই কৰ্মী…

স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰচ, প্ৰাপ্য অধিকাৰৰ পৰাহে বঞ্চিত চাফাই কৰ্মী…

ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযান নামত বিজেপি চৰকাৰে ৰাজ্যৰ নগৰাঞ্চলৰ বিজ্ঞাপন, হৰ্ডিং আৰু পোষ্টাৰ নামত ৰাজকোষৰ পৰা খৰচ কৰা হৈছে কোটি কোটি টকা। তথ্য অধিকাৰ আইনৰ জৰিয়তে ফাদিল হৈছে এই তথ্য। 'সহায়' নামৰ এটা বেচৰকাৰী সংগঠনে ফাদিল কৰিছে এই তথ্য। 'সহায় অসম' নামৰ বেচৰকাৰী সংগঠনে তথ্য জনা অধিকাৰ আইনৰ যোগেৰে জানিব বিচাৰিছিল ২০১৬ ৰ পৰা ২০২১ বৰ্ষৰ খৰচৰ তথ্য। ২০১৬-১৭ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষ লৈ নগৰাঞ্চলৰ বিজ্ঞাপনৰ নামত খৰচ হৈছে ৫,৪৫,৪৯,৩৮৮ টকা।

খৰচ কৰা এই ধনৰ বাৰ্ষিক ব্যয় সমূহ ক্ৰমে ২০১৬-১৭চনত ১৫০০০ টকা, ২০১৭-১৮ত ৯৯,৫৭,৪২৭ টকা, ২০১৮-১৯ত ২,০৯,৭৭,৮৯৯ টকা, ২০১৯-২০ত ৯৮,১৯,৭৬০টকা আৰু ২০২০-২১ত ১,৩৭,৭৯,৩০২ টকা খৰচ হৈছে। আনহাতে, স্বচ্ছ ভাৰতৰ নগৰাঞ্চলৰ বেনাৰ, হৰ্ডিং, পোষ্টাৰ নামত ২০১৬চনৰ পৰা ২০২১ লৈ খৰচ হৈছে মুঠ ২,১১,৬২,৬৭৪ টকা।

এই খৰচৰো বাৰ্ষিক ব্যয় সমূহ ক্ৰমে ২০১৭-১৮ত ২৩,০০০ টকা, ২০১৮-১৯ত ৪৮,৯৩,৬৩৪ টকা, ২০১৯-২০ত ৯৭,৯০,৫৬৮টকা আৰু ২০২০-২১ত ৬৪,৫৫,৪৭২ টকা। ২০১৬বৰ্ষৰ পৰা ২০২১ বৰ্ষ লৈ মুঠ ৭,৫৭,১২,০৬২ টকা খৰচ কৰা হৈছে। স্বচ্ছ ভাৰত ভাৰত অভিযানৰ বেনাৰ পোষ্টাৰ নামত কোটি কোটি টকা খৰচ কৰিছে কিন্তু এই অভিজনৰ কৰ্মী সকলক ৰাজ্যৰ বিজেপি চৰকাৰে বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

স্বচ্ছ ভাৰত অভিযান সফল কৰা চাফাই কৰ্মী সকলে আজিও বঞ্চিত প্ৰাপ্য অধিকাৰৰ পৰা। মাহেকত মাত্ৰ ৪ৰ পৰা চাৰে চাৰি হাজাৰ টকা লাভ কৰা এই চাফাই কৰ্মী সকলৰ চাকৰি নিয়মীয়াকৰণ, বীমা আদি কোনো ধৰণৰ ব্যৱস্থ গ্ৰহণ কৰা নাই চৰকাৰখনে। 'সহায় অসমে' দাবী কৰে যে- এই চাফাই কৰ্মী সকলৰ চাকৰি চৰকাৰে চৰকাৰী কৰণ কৰিব লাগে, জীৱন বীমা দিব লাগে আৰু পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in