কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ..

কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ..

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

১. একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰিব৷

২. তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক জড়িত কৰাই গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰাথমিক শিক্ষাব্যৱস্থা শক্তিশালী কৰাৰ বাবে শিক্ষা সম্পৰ্কীয় 'জিলা তদাৰকী আৰু নিৰীক্ষণ সমিতি' গঠন কৰাৰ লগতে খণ্ড পৰ্যায়তো এখন তদাৰকী আৰু নিৰীক্ষণ সমিতি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰতিখন জিলাৰ জিলা পৰিষদৰ সভাপতি গৰাকীয়ে জিলা পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতিখনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ আনহাতে খণ্ড পৰ্যায়ত গঠন হ'বলগীয়া এই সমিতিখনৰ সভাপতি হ'ব আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী৷ এই সমিতি দুখনে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি, আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী, খোৱাপানী, বিজুলী যোগানকে ধৰি অন্যান্য সমস্যাসমূহ পৰ্যালোচনা কৰি এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব৷

৩. প্ৰশাসনিক সংস্কাৰৰ বাবে আজিৰ কেবিনেটে বিত্তীয় কমিটিও গঠনৰ সিদ্ধান্ত লয়৷ প্ৰকল্পৰূপায়ণৰ ক্ষেত্ৰত বিত্তীয় অনুমোদনৰ ব্যৱস্থাৱলী ত্বৰান্বিত কৰাৰ লগতে সকলো কাম-কাজ সৰলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰতিটো বিভাগতে একোখনকৈ বিভাগীয় বিত্তীয় সমিতি গঠনৰ বাবে কেবিনেটে অনুমোদন জনায়৷ এই বিভাগীয় সমিতিয়ে ২ কোটি টকালৈকে সিদ্ধান্ত লৈ প্ৰশাসনিক অনুমোদন প্ৰদান কৰিব পাৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰতি সোমবাৰে অনুষ্ঠিত হ'ব৷ আনহাতে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত হ'ব এখন স্থায়ী বিত্তীয় সমিতি৷ এই সমিতিয়ে ২ কোটি টকাৰ পৰা ১০ কোটি টকালৈকে প্ৰকল্প সমূহত নিজাববীয়াকৈ অনুমোদন জনাব পাৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰতি মঙলবাৰে অনুষ্ঠিত হ'ব৷ তেনেদৰে ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত হ'বলগীয়া বিশেষ স্থায়ী বিত্ত সমিতিখনে ১০ কোটি টকাৰ পৰা ১০০ কোটি টকাৰ ভিতৰৰ প্ৰকল্প সমূহ বিবেচনা কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰত্যেক বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব৷ ১০০ কোটি টকাৰ ওপৰৰ প্ৰকল্পসমূহ বিভাগে পোনপটীয়াকৈ কেবিনেট বৈঠকত উপস্থাপন কৰিব৷

৪. আজিৰ কেবিনেটে 'খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি' নামৰ এটি নতুন বিভাগ গঠনত আনুষ্ঠানিকভাৱে অনুমোদন জনায়৷ প্ৰত্নতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয়, পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয় এই বিভাগৰ অধীনত থাকিব৷

৫. আজিৰ কেবিনেটে নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক সম্পূৰ্ণ কতৃৰ্ত্ব প্ৰদান কৰে৷ এতিয়াৰে পৰা উপায়ুক্তসকলে এইক্ষেত্ৰত নিবিদা আহ্বান কৰি পলসুৱা মাটি উঠোৱাৰ আবণ্টন প্ৰদান কৰিব পাৰিব৷ কিন্তু সাধাৰণ বালি আৰু শিলৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থাই বাহাল থাকিব৷

৬. আজিৰ কেবিনেটে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে তেওঁক কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

৭. কেবিনেটে অধ্যাপক ড॰ ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ লগতে তেওঁক ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰীৰ পদমৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

৮. বিকেন্দ্ৰীকৰণৰ জৰিয়তে জলজীৱন মিশ্যনৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে জিলা উপায়ুক্তসকলক ১০ কোটি টকাৰ প্ৰকল্পৰ অনুমোদনৰ বাবে আজিৰ কেবিনেটে কতৃৰ্ত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰকল্পৰ বিভিন্ন কাম-কাজ ক্ষিপ্ৰতৰ কৰাৰ বাবে জিলা উপায়ুক্তৰ অধীনত এখন স্থায়ী সমিতি গঠন কৰি এই দিশত সিদ্ধান্ত গ্ৰহণৰ কতৃৰ্ত্ব প্ৰদান কৰা হয়৷ এই সমিতিখনে জিলাখনত জলজীৱন মিশ্যনৰ কাম-কাজ দ্ৰুততৰ কৰাৰ দিশত যাৱতীয় সিদ্ধান্ত গ্ৰহণ কৰিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in