ইউপিএছচিত সফলতা কোকৰাঝাৰৰ সন্তান ফৌৰমান ব্ৰহ্মৰ, কি ক’লে সংবাদমাধ্যমত…

ইউপিএছচিত সফলতা কোকৰাঝাৰৰ সন্তান ফৌৰমান ব্ৰহ্মৰ, কি ক’লে সংবাদমাধ্যমত…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰ নিৱাসী ধনেশ্বৰ ব্ৰহ্ম আৰু ভাগিৰথী ব্ৰহ্মৰ সুযোগ্য সন্তান ফৌৰমান ব্ৰহ্মই ইউপিএচচিত ৪২৯ ৰেংক লাভ কৰি সফলতা লাভ কৰাত সমগ্ৰ কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে। কোকৰাঝাৰ চিষ্টাৰ মাৰ্গাৰেট নবেল স্কুলত প্ৰাথমিক শিক্ষা শেষ কৰি কোকৰাঝাৰৰ ডনবস্ক বিদ্যালয়ৰ পৰা ২০০৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০১১ চনত বিশাখাপট্টনমৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এনআইটি, দূৰ্গাপুৰৰ পৰা ২০১৫ চনত কেমিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক হোৱা ফৌৰমান ব্ৰহ্মই তৃতীয় পদক্ষেপত এইবেলি ৪২৯ ৰেংক লাভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়।

পিতৃ ধনেশ্বৰ ব্ৰহ্ম শিক্ষা বিভাগৰ গাণনিক হোৱাৰ বিপৰীতে মাতৃ ভাগিৰথী ব্ৰহ্ম এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সুবাদতে সৰুৰে পৰাই ঘৰখনত এক শিক্ষাৰ পৰিৱেশ লাভ কৰিছিল। পিতৃ ধনেশ্বৰ ব্ৰহ্মই সদৰি কৰা মতে, সৰুৰে পৰা ফৌৰমান অনুসন্ধিৎসু মনৰ আছিল আৰু সাধাৰণ জ্ঞানত অপৰিসীম দখল আছিল। সফলতা লাভ কৰাৰ পিছত ফৌৰমান ব্ৰহ্মই সংবাদমাধ্যমৰ আগত তেওঁৰ সফলতাৰ আঁৰত পিতৃ-মাতৃ, ভগ্নী, শিক্ষাগুৰুৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সফলতাৰ কোনো চমু পথ নাই বুলি উল্লেখ কৰি শিশুকালৰ পৰাই পঢ়াৰ প্ৰতি ধাউতি থাকিব লাগে বুলি উল্লেখ কৰে।

৪২৯ নং স্থান লাভ কৰা ফৌৰমান ব্ৰহ্ম
৪২৯ নং স্থান লাভ কৰা ফৌৰমান ব্ৰহ্ম

দীৰ্ঘম্যাদী পৰিকল্পনা অনুসৰি আগবাঢ়িলে সফলতা পাব পাৰি বুলি উল্লেখ কৰি ফৌৰমান ব্ৰহ্মই বৰ্তমান কোকৰাঝাৰত নিৰবচ্ছিন্নভাৱে চলি থকা মেলাবোৰে ছাত্ৰৰ পঢ়াৰ পৰিৱেশত ব্যাঘাত জন্মায় বুলি মন্তব্য কৰে। তদুপৰি সাম্প্ৰতিক ৰাজনীতিৰ বিষয়েও মন্তব্য প্ৰকাশ কৰি ৰাজনীতিৰ নামত ঘৃণাসূচক মন্তব্যৰ বিৰোধিতা কৰে। ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাজনীতিবিদ সকলৰ পৰিকল্পনা কি তাৰ ওপৰত হে আলোচনা হোৱাৰ পোষকতা কৰি ফৌৰমান ব্ৰহ্মই সুস্থ্য ৰাজনীতিৰ সপক্ষত মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে, ফৌৰমান ব্ৰহ্মই বাস্কেটবল খেলি ভাল পায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in