নগাঁৱত চোৰাং চেগুন কাঠ জব্দ…

নগাঁৱত চোৰাং চেগুন কাঠ জব্দ…
  • নগাঁৱত চোৰাং চেগুন কাঠ জব্দ।
  • চহৰখনৰ হয়বৰগাঁও কামাখ্যা তেল ডিপোৰ সন্মূখত জব্দ কৰা হৈছে কেবা লাখ টকাৰ চেগুণ কাঠ।
  • চোৰাং কাঠ বেপাৰীয়ে কাঠৰ প্লেটসমূহ হালধি বস্তাৰে ঢাকি আনিছিল।
  • জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে আৰ জে ১৯ জি জি ৮৩৪৬।
  • আটক কৰিছে সুখদেব ৰামক।
  • আটকাধীন সুখদেবৰ ঘৰ ৰাজস্থানত।
  • আৰক্ষী পৰিদৰ্শক মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ দলে জব্দ কৰে চোৰাং কাঠ ভৰ্তি গাড়ীখন।
  • কাঠখিনি ডিমাপুৰৰ পৰা অনা হৈছিল।
  • আটকাধীন ব্যক্তিজনে কাঠখিনিৰ কোনো নথি আৰক্ষীক দিব পৰা নাই।
  • হালধিৰ ভুৱা চালান উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in