দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ…

দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ…

ডিজিটেল ডেস্কঃ ডিপিআৰচিৰ প্ৰাক্তন ফিজিঅ'থেৰাপিষ্ট ডাঃ সিদ্ধাৰ্থ মালাকাৰে ভাৰতৰ শীৰ্ষ ৫জন আৰ্ম ৰেছলাৰৰ ভিতৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চৰকাৰী কোনো সাহায্য বা সহাঁৰি লাভ কৰা নাই মালাকাৰে। উল্লেখ্য যে, তেওঁক দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সহায় কৰিছিল ডিপিআৰচিৰ লগতে কিছু সদাশয় ব্যক্তিয়ে।

উল্লেখ্য যে, সিদ্ধাৰ্থ মালাকাৰে দুবাৰকৈ নেশ্যনেল গল্ড মেডেলিষ্ট ইন আৰ্ম ৰেছলিং (বাওঁহাত, ২০১৭ আৰু ২০১৯), তিনিবাৰ নেশ্যনেল ছিলভাৰ মেডেলিষ্ট ইন আৰ্ম ৰেছলিং (সোঁ হাত ২০১৭, ২০১৮ আৰু ২০১৯, চাৰিবাৰকৈ আছাম ষ্টেট চেম্পিয়ন, ৫বাৰকৈ কামৰূপ ডিষ্ট্ৰিক চেম্পিয়ন অৰ্জন কৰিছে।

তদুপৰি তেওঁ ২০১৭ৰ এছিয়াম আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত ষষ্ঠ স্থান, ৱৰ্ল্ড নোমাড গেমছ, কিৰগিষ্টান, ২০১৮ত ষষ্ঠ স্থান, আছাম ষ্টেট অভাৰঅ'ল চেম্পিয়নশ্বিপ শিতাপ দখল কৰিছে। তেওঁক এই ক্ষেত্ৰখনত আৰু অধিক উৎসাহী তথা আৰ্থিক ভাৱে সহায় কৰাৰ আহ্বান চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in