স্বাধীনতাৰ পূৰ্বেই স্থাপিত বিদ্যালয়ৰ মৃত্যুমুখী যাত্ৰা ! একমাত্ৰ বড়ো মাধ্যমৰ শিক্ষয়ত্ৰীয়েও ল’ব অৱসৰ

স্বাধীনতাৰ পূৰ্বেই স্থাপিত বিদ্যালয়ৰ মৃত্যুমুখী যাত্ৰা ! একমাত্ৰ বড়ো মাধ্যমৰ শিক্ষয়ত্ৰীয়েও ল’ব অৱসৰ

ডিজিটেল সংবাদ বকো : ৰাজ্যৰ শিক্ষা বিভাগে সমাগত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অহা ২৩ পৰা ২৬ মে'ৰ ভিতৰত অনুষ্ঠিত কৰিব । গুণোৎসৱৰ এই সময়ত কামৰূপ জিলাৰ বকোৰ প্ৰাথমিক বিদ্যালয় এখনত বড়ো মাধ্যমৰ শ্মশান যাত্ৰাৰ তথ্য পোহৰলৈ আহিছে। ৪৮ নং বকো বিধানসভা সমষ্টিৰ বকো প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মুগাখোলগাঁৱত থকা মুগাখোল প্ৰাথমিক বিদ্যালয়খন দেশ স্বাধীন হোৱাৰ আগতে স্থাপিত হৈছিল।

১৯৪৪ চনত স্থাপিত হোৱা মুগাখোল প্ৰাথমিক বিদ্যালয়খন চৰকাৰীকৰণ হয় ১৯৪৯ চনত। বড়ো মাধ্যম সংযোজিত বিদ্যালয়খনত সম্প্ৰতি বড়ো মাধ্যমে শ্মশান যাত্ৰা আৰম্ভ হৈছে । কাৰণ প্ৰাথমিক বিদ্যালয়খনত এগৰাকীয়ো বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী নাই। লগতে প্ৰাথমিক বিদ্যালয়খনৰ একমাত্ৰ বড়ো মাধ্যমৰ শিক্ষয়ত্ৰী কামিনী বড়োৱে এই মে' মাহৰ শেষৰ ফালে অৱসৰ গ্ৰহণ কৰিব ।

গতিকে শিক্ষয়ত্ৰীগৰাকীৰ অৱসৰ লগে লগে বড়ো মাধ্যমত নতুন শিক্ষক-শিক্ষয়ত্ৰীক নিযুক্তি প্ৰদান নকৰিলে বিদ্যালয়খনত বড়ো মাধ্যমে শ্মশান যাত্ৰা কৰাটো একেবাৰে নিশ্চিত। বড়ো মাধ্যমৰ শিক্ষয়ত্ৰীগৰাকী অৱসৰ লাভ কৰাৰ পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অম্বিকাগিৰী বড়োৱে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক অকলে পঢ়ুৱাব লাগিব ।

এখন প্ৰাথমিক বিদ্যালয়ৰ ৫ টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এগৰাকী শিক্ষকে কেনেদৰে পঢ়ুৱাব সেয়া কেৱল শিক্ষা বিভাগৰ হাততহে উত্তৰ আছে। আনহাতে সম্প্ৰতি শিক্ষানুষ্ঠানখনত ১৫গৰাকী ছাত্ৰ-ছাত্ৰীহে আছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক অম্বিকাগিৰী বড়োৰ মতে শিক্ষক-শিক্ষয়িত্ৰী নথকা বিদ্যালয়খনত গাঁওখনৰ অভিভাৱকে ল'ৰা-ছোৱালীক পঢ়ুৱাব ইচ্ছা নকৰে।

দেশ স্বাধীন হোৱাৰ আগতে স্থাপন হোৱা মুগাখোল প্ৰাথমিক বিদ্যালয়খনলৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱাৰ অৱস্থা অতি শোচনীয় । সাধাৰণ বৰষুণতে খোজ কাঢ়িব নোৱাৰা দুৰৱস্থাহৈ পৰে । বিদ্যালয়খনলৈ অহা টেপছিয়া গাঁও সংযোগী পথটোৰো জৰাজীৰ্ণ কাঠৰ দলংখনৰ ওপৰত মুগাখোল গাঁৱৰ ৰাইজে যাতায়ত কৰাৰ বাবে বাঁহেৰে এখন সাকোঁ সাজি লৈছে ।

মুগাখোল গাঁৱৰ ৰাইজে বিদ্যালয়খনলৈ যোৱা পথটো নিৰ্মাণ কৰিবলৈ আবেদন-নিবেদন কৰাৰ পিচতো গড়কাপ্তানি বিভাগে আজিলৈকে পথটো নিৰ্মাণ কৰি দিয়া নাই। ইমান পুৰণি বিদ্যালয়খনৰ চৌহদ বেৰো নাই। বিদ্যালয়খনৰ চৌপাশ সম্প্ৰতি গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ।

আন্ত:গাঁথনিৰ ধনৰ পৰা বিদ্যালয় পৰিচালনা সমিতিয়ে অৱশ্যে অলপ অলপকৈ চৌহদবেৰ নিৰ্মাণ আৰম্ভ কৰিছে । উল্লেখযোগ্য যে মুগাখোল প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অম্বিকিগিৰী বড়োৱে বিদ্যালয় পৰিচালনা সমিতিক লগত লৈ ২০২১ ইং বৰ্ষৰ ছেপ্টেম্বৰ মাহত সকলোৰে বাবে শিক্ষা, সকলোৰে বাবে কাম, আৰ্থিক উন্নয়ন আৰু অৰ্থ উপাৰ্জনৰ উপৰিও ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ অগ্ৰগতি সন্দৰ্ভত মুগাখোল গাঁৱৰ মহিলা সমিতি, যুৱক সংঘ আৰু গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সদস্যক লগত লৈ আলোচনা চক্ৰৰ আয়োজন কৰিছিল।

শিক্ষানুষ্ঠানত এনেধৰণৰ উচ্চপৰ্যায়ৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো শিক্ষা বিভাগে খবৰ নৰখাৰ ফলত আৰু বহু শিক্ষানুষ্ঠানে মুগাখোল প্ৰাথমিক বিদ্যালয়ৰ দৰে শ্মশান যাত্ৰা কৰিব সেয়া ধুৰূপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in