১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ সকলো বিদ্যালয়…

১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ সকলো বিদ্যালয়…

ডিজিটেল ডেস্ক : ১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ সকলো শ্ৰেণীৰ বিদ্যালয়ৰ পাঠদান।পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব পাঠদান । প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এদিন এৰি এদিন অনুষ্ঠিত হ'ব পাঠদান।প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নিয়মীয়া পাঠদান। । পাঠদানৰ অন্তত বিয়লি ১২ বাজি ১৫ মিনিটৰ পৰা ১২ বাজি ৪৫ মিনিটলৈ হ'ব মধ্যাহ্ন ভোজন বিৰতি।

প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় । অভিভাৱকৰ সন্মতি সাপেক্ষেহে লৈ বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ ছাত্ৰী সকল।ইফালে বিদ্যালয় সমূহে নিয়মীয়া পাঠদানৰ উপৰিও প্ৰয়োজন অনলাইন ক্লাছসমূহো চলাই যাব পাৰিব।

উল্লেখযোগ্য যে শিক্ষানুষ্ঠানৰ চৌহদত সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত । উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত ১ জানুৱাৰীৰ পৰা প্ৰতিদিনে নিয়মীয়াকৈ শ্ৰেণীসমূহ অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in