সুদীৰ্ঘ সময়ৰ অন্তত শিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হ’ব শিক্ষানুষ্ঠানঃ চাওক কেতিয়াৰ পৰা, কেনেকৈ আৰম্ভ হ’ব অফলাইন পাঠদান…

সুদীৰ্ঘ সময়ৰ অন্তত শিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হ’ব শিক্ষানুষ্ঠানঃ চাওক কেতিয়াৰ পৰা, কেনেকৈ আৰম্ভ হ’ব অফলাইন পাঠদান…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠান। কোভিড সংক্ৰমণৰ বাবে বন্ধ হৈ থকা এই শিক্ষানুষ্ঠান সমূহলৈ নতুন এছ অ' পিয়ে কঢি়য়াই আনিছে যথেষ্ট শিথিলতৈ। এতিয়াৰে পৰা অফলাইন মাধ্যমেৰে শিক্ষাৰ্থীৰ পাঠদান প্ৰক্ৰিয়াৰ বাট মুকলি হৈছে।

  • স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি।
  • অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব।
  • শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।
  • স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।
  • উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে কোভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব।
  • অৱশ্যে ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি প্ৰতিষেধক ল'লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব।
  • ২ ছেপ্টম্বৰ, বৃহস্পতিবাৰৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ১৮ বছৰ উৰ্ধৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰিব লাগিব।
  • ইয়াৰ উপৰিও শিক্ষানুষ্ঠানৰ চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব।
  • শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া ৬ চেপ্তেম্বৰ ২০২১ সোমবাৰৰ পৰাহে আৰম্ভ কৰিব পাৰিব।
  • স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল মুকলিতো অনুমতি।
  • অৱশ্যে কেৱল দুয়োপালি কোভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in