সত্ৰ সমূহক দিয়া চৰকাৰী অনুদানৰ হৈছেনে সঠিক ব্যৱহাৰ…

সত্ৰ সমূহক দিয়া চৰকাৰী অনুদানৰ হৈছেনে সঠিক ব্যৱহাৰ…

ডিম্পুল বৰগোঁহাই

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰিছিল এক অনুষ্ঠান। এই অনুষ্ঠানটোকে সত্ৰ বুলি জনা যায়। সত্ৰসমূহ আছিল অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। ধৰ্ম চৰ্চাৰ উপৰিও এই সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতিক সমন্বয়ৰ ভঁৰালৰূপে পৰিগণিত হৈ আহিছে।

ৰাজ্যখনত ৬৬৫ খন সত্ৰ আছিল যদিও ইয়াৰে বেছিভাগৰে এতিয়া অস্তিত্ব নাই। মাজুলী আছিল সত্ৰৰ কেন্দ্ৰবিন্দু। এসময়ত ৬৫ খন সত্ৰ থকা মাজুলীত এতিয়া প্ৰায় ২২ খনহে আছে। বান, গৰাখহনীয়া তথা অন্যান্য কাৰণত এই সত্ৰসমূহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে।

শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। তাৰ পাছত তেও ইমুৰৰ পৰা সিমুৰলৈ যাত্ৰা কৰাৰ সময়ত ইখনৰ পাছত সিখন সত্ৰ স্থাপন কৰি গৈছিল। বৰপেটাত শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা সত্ৰখনেই আছিল সৰ্ববৃহৎ। পৰৱৰ্তী সময়ত মাধৱদেৱে এক শৰণ ধৰ্ম প্ৰচাৰৰ দায়িত্ব দিছিল ১২ জন প্ৰধান শিষ্যক। তেওঁলোকেও বিভিন্ন স্থানত সত্ৰ স্থাপন কৰিছিল।

'সত্ৰ' শব্দটো মূলতঃ 'শতপথ ব্ৰাহ্মণ'ত আহুতি বুজাবলৈ প্ৰথম ব্যৱহাৰ কৰা হৈছিল। ভাগৱত গীতাতো আছে সত্ৰৰ ব্যৱহাৰ। কিন্তু নৱ বৈষ্ণৱ আন্দোলনৰ সময়ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কিছু কাল থকা স্থান সমূহকে সত্ৰ বুলি জনা যায়। পৰৱৰ্তী সময়ত মাধৱদেৱ আৰু তেওঁৰ শিষ্য সমূহেও সত্ৰ স্থাপন কৰিছিল।

সত্ৰসমূহ পৰিচালনা কৰে এজন সত্ৰাধিকাৰে। সত্ৰবোৰত থকা আন বিষয়বাব সমূহ হৈছে- অধিকাৰ, ডেকা অধিকাৰ, ভকত শিষ্য বৰ-ভাগৱতী, বৰ-শ্ৰাৱণী, বৰ-পাঠক, বৰ-নাম লগোৱা, বৰ-বায়ন, বৰ-গায়ন, বৰ-ভাণ্ডাৰী, চাউল ভৰালী, গুৱা ভাণ্ডাৰী, বৰ-আলধৰা, বৰ-মেধি, বৰ-খাটনিয়াৰ আদি।

অসমত ৪ খন ৰাজসত্ৰ ক্ৰমে- আউনীআটী সত্ৰ, দক্ষিণপাত সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ। এই ৪ ৰাজসত্ৰ্ৰৰ ভিতৰত আউনীআটী সত্ৰ হ'ল প্ৰথম শ্ৰেণীৰ সত্ৰ। বেদখল, গৰাখহনীয়া, আৰ্থিক সমস্যা আদিৰ বাবেই সাংস্কৃতিক প্ৰাণকেন্দ্ৰ এই সত্ৰসমূহলৈ ভাবুকি নামি আহিছে।

সত্ৰসমূহক চৰকাৰী সাহায্য প্ৰদানৰ উদ্দেশ্যে ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে ২৫ কোটি টকা মুকলি কৰি দিছিল। এখন ১৪০ খন সত্ৰত উন্নয়ন আৰু আন আন্তঃগাঁঠনিৰ কামৰ বাবে এই ধন দিয়া হৈছিল। ৰাজ্য চৰকাৰে সেই বিত্তীয় বৰ্ষত লক্ষিমপুৰৰ আঁহতগুৰি সত্ৰক ২০ লাখ, নগাৰায় সত্ৰক ১৫ লাখ, শিয়ালমৰা সত্ৰক ১৫ লাখ, বটগয়া সত্ৰক ১৫ লাখ, শ'লগুৰি সত্ৰক ২০ লাখ, চানগিনী সত্ৰক ২০ লাখ ধন দিছিল।

ইয়াৰ উপৰিও লক্ষিমপুৰৰ বৰগোহাঁই পুখুৰী পুস্প বিলাস সত্ৰক ২০ লাখ, চুপাহা সত্ৰক ২০ লাখ, বৰমোহা সত্ৰক ২০ লাখ, বৰপেটা শাখা সত্ৰক, শান্তিপুৰক ১৫ লাখ, কালজাৰ সত্ৰক ২০ লাখ, গোপালপুৰ সত্ৰক ২০ লাখ ধন দিছিল ৰাজ্য চৰকাৰে। একেদৰে শোণিতপুৰৰ কলিয়া ঠাকুৰ, শ্ৰীৰাম আতা সত্ৰ, কেতেকীপাৰা সত্ৰক ১৫ লাখকৈ আৰু জাৰনিয়াল সত্ৰ, দাংধৰা গজলা সত্ৰক ২০ লাখ ,বৰালিমৰা সত্ৰক ২০ লাখ, এলেঙি মদাৰগুৰি সত্ৰক ২০ লাখ, মাধৱ আতা সত্ৰক ১৫ লাখ, সাউকুছি সত্ৰক ১৫ লাখ দিয়া হৈছিল।

তদুপৰি হালধি আতি সত্ৰ, কমলাবাৰী শাখা সত্ৰ, শল'গুৰি সত্ৰ, ঔতলা সত্ৰ, কুলবিল সত্ৰ, চৰাবৰী সত্ৰ, নাপতিপাৰা সত্ৰক ১৫ লাখকৈ আৰু ঘিলাবাৰী সত্ৰ, বামাখাট সত্ৰ, গোবিন্দপুৰ সত্ৰ, গাজিয়া সত্ৰ, পূৰ্ণ ভবানীপুৰ সত্ৰ, চিনপাৰা ভেটি থান সত্ৰ, নাৰায়ন দাস ঠাকুৰ আতা গুৰুমুখী থান সত্ৰ, মদন মোহন গোসাঁই থান সত্ৰ, শংকৰদেৱ থান, গুৱাগাছা সত্ৰক ২০ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰে চৰকাৰে।

ইয়াৰ লগতে মন্দিৰা মহাপুৰুষীয়া সত্ৰ, মাধৱদেৱ স্থাপিত গোমূৰ সত্ৰ, আউনীআটী সত্ৰ, গোবিন্দ ভৱন গীতা সত্ৰ, বিষ্ণুপুৰ সত্ৰক ৩০ লাখ টকাকৈ আৰ্থিক অনুদান দিয়ে। নাওকাতা খেকাপাৰা সত্ৰ, দামোদৰদেৱ সত্ৰ, গজমুক্ত বিষ্ণু সত্ৰ, গৰৈমাৰী সত্ৰ, ইশ্বৰ বৰ সত্ৰ, কহুৱাতলী সত্ৰ, শ্ৰাৱণী সত্ৰকে ধৰি মুঠ ১৪০ খন সত্ৰক ১৫ লাখৰ পৰা ৩০ লাখ পৰ্যন্ত আৰ্থিক অনুদান আগবঢ়ায় ৰাজ্য চৰকাৰে।

কোন সত্ৰই লাভ কৰিলে কিমান টকাঃ

সত্ৰ সমূহক দিয়া এই ধন সঠিকভাৱে ব্যৱহাৰ হ'ল নে? সত্ৰ সমূহে এই ধন উন্নয়নৰ নামত কি ধৰণে ব্যয় কৰিলে তাৰ খতিয়ান ৰাজ্য চৰকাৰে ল'লে নে? চৰকাৰী আৰ্থিক অনুদান লাভ কৰা কিছু সত্ৰই সেই চৰকাৰী ধনৰ অপ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

সত্ৰ সমূহক চৰকাৰে সহায় কৰিব লাগে। কিন্তু এইদৰে আৰ্থিক অনুদান আগবঢ়োৱা সত্ৰ সমূহৰ কাম-কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন। একাংশ সত্ৰই আৰ্থিক অনুদান পোৱাৰ বিপৰীতে বহু সত্ৰই আজিও লাভ কৰা নাই চৰকাৰী অনুদান। সত্ৰ সমূহৰ ক্ষেত্ৰত চৰকাৰে এক নীতিক লৈ এই সত্ৰসমূহৰ বিকাশ, উন্নয়ন তথা সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো একান্তই প্ৰয়োজনীয়।

প্ৰায়বোৰ সত্ৰৰ মাটি বেদেখলৰ কবলত আছে। সেই মাটি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লৈছে, সেই সন্দৰ্ভতো স্থিতি ৰাজহুৱা হ'ব লাগে। সাংস্কৃতিক স্থানস্বৰূপ সত্ৰ সমূহৰ উন্নয়নৰ বাবে দিয়া ধনৰ সঠিক ব্যৱহাৰ আৰু ইয়াক চোৱা-চিতা কৰিবলৈ এক পৰিকাঠামোৰ গঠন কৰাৰ প্ৰয়োজন। লগতে ৰাজ্যত থকা আন সত্ৰ সমূহৰ বাবেও চৰকাৰৰ এক আৰ্থিক নীতি থাকিব লাগে। কোনো সত্ৰক এৰি আন কোনো সত্ৰক চৰকাৰে আৰ্থিক অনুদান দিলে, চৰকাৰী আৰ্থিক সাহায্য নোপোৱা সত্ৰ সমূহ এদিন নিশ্চিহ্ন হৈ যাব। সেয়েহে চৰকাৰে এই কথা বিবেচনা কৰা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in