অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ শয্যাগত মাতৃৰ খবৰ ল’লে মৃণালিনী দেৱীয়েঃ ঐতিহাসিক মাতিয়া বুঢ়াগোহাঁই থান, দশভূজা মন্দিৰ পৰিদৰ্শন

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ শয্যাগত মাতৃৰ খবৰ ল’লে মৃণালিনী দেৱীয়েঃ ঐতিহাসিক মাতিয়া বুঢ়াগোহাঁই থান, দশভূজা মন্দিৰ পৰিদৰ্শন

ডিজিটেল সংবাদ মঙলদৈঃ কোভিড পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ উদ্ধৰ শয্যাগত মাতৃ মনোমতী দেৱীৰ খবৰ ল'বলৈ দেওৰমনৈ বড়িগাওঁত উপস্থিত হয় অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ বছৰৰ উৰ্ধৰ মাতৃ কিছু দিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাগত হৈ বিচনাত পৰি আছে। সেয়েহে মাতৃ গৰাকীৰ দেখা কৰিবৰ বাবে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী গৰাকী আহি প্ৰধান সম্পাদক গৰাকীৰ বাসগৃহত উপস্থিত হয়।

মৃণালিনী দেৱীৰ এই কাৰ্যসূচীত সংগ দান কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গোবিন্দ কলিতা , বিশিষ্ট নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,ধ্ৰুৱজ্যোতি শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বিপিন চন্দ্ৰ কলিতা,অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা বিশিষ্ট গৱেষক উপেন্দজিৎ শৰ্মাই।

অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীৰ মাতৃ খবৰ লৈ আহি বড়িগাঁও অঞ্চলৰ দশভূজা মন্দিৰ, মাতিয়া বুঢ়াগোহাঁই ঐতিহাসিক প্ৰসিদ্ধ পুখুৰী আদিও পৰ্যবেক্ষণ কৰে। দশভূজা মন্দিৰৰ অনুষ্টুপীয়া অনুষ্ঠানত ধনমনি শৰ্মাই দেৱভাষা সংস্কৃতত আদৰনী ভাষন আগবঢ়োৱাৰ পিছত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে তাহানি দিনৰ আচাৰ ব্যৱহাৰ আৰু বৰ্তমান সময়ৰ আচাৰ ব্যৱহাৰৰ ওপৰত বাখ্যা আগবঢ়াই চমু বক্তব্য আগবঢ়ায়। এঘাৰ বছৰ বয়সতে মৃণালিনী দেৱীয়ে বিবাহ পাশত আবদ্ধ হৈ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি শহুৰৰ ঘৰতে শিক্ষা দীক্ষা গ্ৰহন কৰি আধ্যাত্মিক শিক্ষাৰ মাজেৰে গাৰ্হস্থ্য ধৰ্ম পালন কৰি সামাজিক, সাহিত্যিক জীৱন আগবঢ়াই অহাৰ সুন্দৰ সাৱলীল বাখ্যা আগবঢ়াই।

মাতিয়া বুঢ়াগোহাঁই থানত মৃণালিনী দেৱীয়ে সেৱা আগবঢ়ায় থানত উপস্থিত ৰাইজৰ সন্মুখত শিৱ শক্তি, শিৱ ৰূপৰ বাখ্যা আগবঢ়ায়। মহাপ্ৰভু শিৱৰ ৰূপ বৰ্ণনাত শিৱৰ দম্বৰু ধ্বনিৰ পৰাই আমাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ উৎপত্তি হোৱা বুলি বাখ্যা আগবঢ়ায়। একেদৰে এদিন শিৱ পত্নী পাৰ্বতীয়ে খেলাৰ চলতে মহাদেৱ শিৱৰ দুচকু ধাকি ধৰাৰ পৰিপ্ৰেক্ষিতত গোটেই ব্ৰহ্মাণ্ডত আন্ধাৰে আৱৰি ধৰে ইফালে পাৰ্বতীয়েও হাত এৰি নিদিয়ে শেষত মহাপ্ৰভূ শীৱই তৃতীয় নয়নৰ দ্বাৰা ব্ৰহ্মাণ্ডত দৃষ্টি দি ব্ৰহ্মাণ্ড উদ্ধাৰ কৰে তেতিয়াৰেপৰা ত্ৰিনয়ন শিৱ হিচাপে স্বীকৃতি পায় বুলি শিৱ পূৰানৰ বহু তত্বকথা বাখ্য কৰে।

সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীৰ মাতৃৰ খবৰ লোৱা আৰু দেওমৰনৈ বড়িগাঁৱত এনেদৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী উপস্থিত হৈ অঞ্চলৰ মঠ মন্দিৰ ঐতিহাসিক পুখুৰীৰ আদিত উপস্থিত হোৱাত অঞ্চল বাসীয়ে মৃণালিনী দেৱীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in