অসম সাহিত্য সভাৰ উপ সভাপতি ব্যস্ত নিৰ্বাচনী প্ৰচাৰত,প্ৰধান সম্পাদকৰ লকডাউনৰ মাজতে ভ্ৰমণত ব্যয় ৩ লাক্ষাধিক…

অসম সাহিত্য সভাৰ উপ সভাপতি ব্যস্ত নিৰ্বাচনী প্ৰচাৰত,প্ৰধান সম্পাদকৰ লকডাউনৰ মাজতে ভ্ৰমণত ব্যয় ৩ লাক্ষাধিক…

ডিজিটেল ডেস্ক : ৰাজনীতিৰ সৈতে প্ৰত্যক্ষ ভাবে সম্পৰ্ক নাৰাখে অসম সাহিত্য সভাৰে জড়িত কৰ্মকৰ্তা সকলে । জাতীয় অনুষ্ঠানটোক নিৰপেক্ষ কৰি ৰখাৰ স্বাৰ্থত সভাৰ সভাপতি তথা আন বিষয়ববীয়া সকলে ৰাজনীতিৰ পৰা নিজকে দুৰৈত ৰাখিছিল ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী,ড০ নগেন শইকীয়া, হেম বৰুৱা আদি বৰন্য সাহিত্যিক সকলে সাহিত্য সভাত থাকোতে কেতিয়াও ৰাজনীতিত প্ৰত্যক্ষ অংশ লোৱা নাছিল ।২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম সাহিত্য সভাৰ এগৰাকী উপ সভাপতিয়ে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ প্ৰত্যক্ষ ভাবে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।

জালুকবাৰী,নলবাৰী আদি বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশ লৈ অসম সাহিত্য সভাৰ উপসভাপতি গৰাকীয়ে এনেদৰে প্ৰত্যক্ষ ৰাজনীতিত নামি পৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই ৯ মাৰ্চত এক পত্ৰ যোগে সহিত্য সভাৰ বিষয়ববীয়া তথা জিলা সহিত্য সভাৰ সভাপতি,সম্পাদকক প্ৰত্যক্ষ নিৰ্বাচনী প্ৰচাৰত জড়িত নহ'বৰ বাবে অনুৰোধ জনাইছিল ।

পত্ৰ খনত উল্লেখ কৰা মতে অসম সাহিত্য সভাৰ পবিত্ৰ সংবিধান অনুসৰি জিলা বা শাখা সাহিত্য সভাৰ কোনো বিষয়ববীয়াই নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হৈ সক্ৰিয়া ভাবে জড়িত নহয় । ২৭ ফেব্ৰুৱাৰী ২০২১ত শ্ৰীমন্ত শংকৰদেব কলাক্ষেত্ৰত গুৱাহাটীত অনুষ্ঠিত হোৱা সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিবাহকত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াইও এই কথা স্পষ্টকৈ উল্লেখ কৰিছিল ।

ইয়াৰ পিছতো সাহিত্য সভাৰ এগৰাকী উপ সভাপতিয়ে সভাৰ সিদ্ধান্তৰ বিপৰীতে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যই বৌদ্ধিক সমাজতো তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এইখিনিতে উল্লেখযোগ্য যে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী এইবাৰ বিজেপিৰ ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী । অবশ্যে তেওঁ সাহিত্য সভাৰ পৰা অব্যাহতি লৈ গ'লেও সভাৰ বহু হিচাপ দাখিল নকৰাৰ অভিযোগ উত্থাপন হৈছে সাহিত্য সভাৰ ভিতৰ চৰাত ।

২০০৯ চনৰ পৰা ২০২০ চনলৈ সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত কৰা আদৰনি সমিতিৰ পৰা ১০ লাখকৈ টকা লয় সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে । সেই ধন যোৱা ১১ বছৰে নিদিয়াকে সাহিত্য সভাৰ পৰা অব্যাহতি ল'লে ৰাজবংশীয়ে ।

ইফালে সাহিত্য সভাই অসম চৰকাৰৰ পৰা পৰিকল্পনা বহিৰ্ভূত শিতানত ৭ ডিচেম্বৰ ২০২০ত লাভ কৰিছিল ৯৩ লাখ টকা । এই ধৰনৰ ব্যয় সাহিত্য সভাৰ ধন ভড়ালীয়ে দিয়া হিচাপত দেখা পোৱা গৈছে কোৰোনাৰ সময়ত লকডাউন হৈ থকা পৰিবেশৰ মাজতেই সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ভ্ৰমণ বানচৰ নামত ৩ লাখৰো অধিক ধন লৈছে ।

সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে ১৮ মে ২০২০ত তেজপুৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ৯,৬০০ টকা । ১ জুন ২০২০ত পুনৰ তেজপুৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ নামত ৯,৪০০ টকা আদায় লৈছিল । ইয়াৰ উপৰিও ২২ জুন ২০২০,৬ আগষ্ট ২০২০, ১০ চেপ্তেম্বৰ ২০২০তো এই ভ্ৰমণ বানচ আদায় লৈছে । এনেদৰে ১৬-২-২১ লৈকে মুঠ ২ লাখ ৮০ হাজাৰ ৪০১ টকা ধন ভড়ালীৰ পৰা লৈছিল যাদব শৰ্মাই ।

১-৪-২০২০ ৰ পৰা ৩১-১২-২০লৈকে গুৱাহাটী কাৰ্যালয়ৰ জৰিয়তে হোৱা জমা খৰচত দেখা পোৱা গৈছে প্ৰধান সম্পাদক গৰাকীৰ ভ্ৰমণ ব্যয়ৰ নামত ১ লাখ ৭৪ হাজাৰ ৭৫ টকা আৰু প্ৰাক্তন সভাপতিৰ ভ্ৰমণ ব্যয়ৰ নামত ১১ হাজাৰ ৫০০ টকা । কেবল ভ্ৰমণ ব্যয় ৩৩,৩৪০ টকা দেখুওৱা হৈছে ।

যি সময়ত কোৰোনা ভাইৰাছকৰ বাবে সমগ্ৰ বিশ্বত লকডাউন আছিল সেই সময়ত সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে ভ্ৰমণ ব্যয়ৰ নামত সাহিত্য সভাৰ পুজি কেনেদৰে ব্যয় কৰিলে তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in