অসম সাহিত্য সভাৰ ৰহা অধিৱেশনত কি কি বিষয়ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা

অসম সাহিত্য সভাৰ ৰহা অধিৱেশনত কি কি বিষয়ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা

ডিজিটেল সংবাদ, ৰহাঃ আগন্তুক ৩১জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক ৰহা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীৰ লগতে অনুস্থিত হ'বলগীয়া গ্ৰন্থ মেলাৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি মূলতঃ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ উদেশ্যে আয়োজক সমিতিয়ে গ্ৰন্থ মেলাৰ বাকৰিত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, মুকলি কুইজ, ৰচনা প্ৰতিযোগিতা, আবৃত্তি, চিত্ৰাংকন আৰু সাধু কোৱা প্ৰতিযোগিতা আদিৰো আয়োজন কৰিছে। সকলোৰে বাবে মুকলি তৰ্ক প্ৰতিযোগিতাৰ বিচাৰ হ'ব সদনৰ মতে।

'অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতিও থাকিব' শীৰ্ষক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গৰাকীক বৈষ্ণৱ পণ্ডিত মতিৰাম কাকতি সোৱঁৰণী বঁটাৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ'ব৷ সৰ্বমুঠ ২৫ হাজাৰ টকা এই প্ৰতিযোগিতাত প্ৰদান কৰা হ'ব৷ শিক্ষাবিদ প্ৰয়াত ধৰ্ম সিংহ ডেকা সোঁৱৰনি ৰচনা প্ৰতিযোগিতাৰ "ক" শাখাৰ (নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেনীলৈ) বিষয় "অসমৰ জাতীয় জীৱনত সাহিত্য সভাৰ প্ৰাসংগিকতা" আৰু "খ" শাখাৰ (৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ) বিষয় হৈছে "সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা"৷

"ক" শাখাৰ ৰচনাৰ শব্দৰ সংখ্যা ১৫০০ আৰু "খ" শাখাৰ শব্দৰ সংখ্যা হৈছে ৫০০ৰ ভিতৰত হ'ব লাগিব৷ এই প্ৰতিযোগিতাত সৰ্বমুঠ ১৫হাজাৰ টকা নগদ ধন প্ৰদান কৰা হ'ব৷ আনহাতে ইন্দ্ৰমোহন ডেকা সোঁৱৰনি অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা অসম সাহিত্য সভাত হ'ব৷ শ্ৰেষ্ঠ দুয়োটা দলক মুঠ ১৫হাজাৰ টকাৰ নগদ ধন আৰু বটাঁ প্ৰদান কৰা হ'ব৷ মইনাৰাম ডেকা সোঁৱৰণি কবিতা আবৃতি প্ৰতিযোগিতাত "ক" শাখাত (নৱম শ্ৰেনীৰ পৰা স্নাতকোত্তৰ) নিৰ্বাচিত কবিতা হৈছে দেৱকান্ত বৰুৱাৰ "মোৰ দেশ মানুহৰ দেশ" আৰু "খ" শাখাৰ (নিম্ন শ্ৰেনীৰ পৰা ৮ম শ্ৰেণী) নিৰ্বাচিত কবিতা হৈছে কবি হীৰেন ভট্টাচাৰ্যৰ "মোৰ দেশ"৷

এই প্ৰতিযোগিতাত সৰ্বমুঠ ১৫হাজাৰ টকাৰ নগদ ধনৰ বঁটা থাকিব৷ ভূমিধৰ বনিয়া সোঁৱৰনি চিত্ৰাংকন প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হ'ব৷ "ক" শাখাৰ (৮ম ৰ পৰা ১০ম শ্ৰেনী) বিষয় "কাজিৰঙা", "খ" শাখাৰ (৫ম শ্ৰেনীৰ পৰা ৭ম শ্ৰেনী) বিষয় "আমাৰ গাঁও" আৰু "গ" শাখাৰ (নিম্ন শ্ৰেনীৰ পৰা ৪ৰ্থ শ্ৰেনী বিষয় স্বনিৰ্বাচিত হ'ব৷ এই প্ৰতিযোগিতাত মুঠ ১০হাজাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব৷

আনহাতে সাধন সিং সোঁৱৰনি সাধু কোৱা প্ৰতিযোগিতা সৰ্বোচ্ছ ১২বছৰ বয়সৰ শিশুৰ মাজত অনুষ্ঠিত হ'ব৷ প্ৰতিযোগিতাত ৮০০০ টকা নগদ ধন আৰু বঁটা থাকিব লগতে সাহিত্য সভাৰ অধিৱেশনত অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিষয়ক শ্ল'গান প্ৰদৰ্শন প্ৰতিযোগিতাও অনুস্থিত কৰা হ'ব।

নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰা প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰী সকলে শ্ল'গান প্ৰদৰ্শন কৰি প্ৰবেশ কৰিব আৰু গ্ৰন্থ মেলা উপসমিতিৰ কাৰ্যালয়ত প্লেকাৰ্ড সমূহ বিদ্যালয়ৰ নাম ঠিকনা সহ জমা দিব লাগিব৷ এই প্ৰতিযোগিতাত তিনিখন শ্ৰেষ্ঠ বিদ্যালয়ক সন্মানীত কৰা হ'ব। আনহাতে গ্ৰন্থ মেলাত সৰ্বাধিক ২৫,০০০টকা, ১৫০০০টকা আৰু ১০০০০ টকাৰ গ্ৰন্থ ক্ৰয় কৰোতা তিনি গৰাকীক গ্ৰন্থ মেলাৰ মঞ্চত সন্মানিত কৰা হ'ব। অধিৱেশনত অনুস্থিত হ'বলগীয়া প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ফোন ৮০১১৭২৪৫৯৩ নম্বৰত যোগাযোগৰ বাবে জনোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in