অসম সাহিত্য সভাৰ ‘সৃষ্টিৰ চ’ৰাঘৰ’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ…

অসম সাহিত্য সভাৰ ‘সৃষ্টিৰ চ’ৰাঘৰ’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ,গুৱাহাটী : দেওবাৰে অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত দুখন গ্ৰন্থ উন্মোচন কৰা হয় । ভাস্কৰ বৰদলৈৰ "অসমীয়া লিপিৰ ক্ৰমবিকাশ" আৰু ড° অৰ্পনা কোঁৱৰৰ "অসমত ভাষাৰ অধ্যয়ন" শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ।

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ দ্বাৰা "সৃষ্টিৰ চ'ৰাঘৰ" শীৰ্ষক নতুন অনুষ্ঠান এটিৰো শুভাৰম্ভ কৰা হয় । মূলতঃ এই অনুষ্ঠানৰ যোগেদি মাহত দুগৰাকীকৈ লেখক তথা শিল্পীৰ স'তে অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হ'ব । দেওবাৰে এই অনুষ্ঠানত ঔপন্যাসিক তথা গল্পকাৰ শ্ৰদ্ধাৰ অৰূপা পটঙ্গীয়া কলিতাৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in