’কেব প্ৰত্যাহাৰ কৰক’ নিনাদেৰে মুখৰিত অসম সাহিত্য সভাৰ প্ৰাঙ্গণ, প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

’কেব প্ৰত্যাহাৰ কৰক’ নিনাদেৰে মুখৰিত অসম সাহিত্য সভাৰ প্ৰাঙ্গণ, প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এজনো বিদেশীৰ বোজা লোৱা নহ'ব আদি শ্ল'গানেৰে শুকুৰবাৰে মুখৰিত হল অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱন প্ৰাঙ্গণ। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ২ ঘন্টাজোৰা অৱস্থান ধৰ্মঘটতত এনেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে অসম সাহিত্য সভাই।

সভাপতি ড০ পৰংমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ নেতৃত্বত শুকুৰবাৰে অনুষ্ঠিত এই ধৰ্মঘট কাৰ্যসূচীত অসম সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰি কেবৰ তীব্ৰ বিৰোধিতা কৰে। এই কাৰ্যসূচীত অংশ লৈ সভাপতি ড০ পৰংমানন্দ ৰাজবংশীয়ে ঘোষণা কৰে যে- অসম সাহিত্য সভাই কেতিয়াও কেব সমৰ্থন নকৰে। অসমীয়া ভাষা আৰু অসমীয়া জাতিক বিপৰ্যস্ত কৰিব পৰা এই কেবক আৰম্ভণিৰ পৰাই সভাই বিৰোধিতা কৰি আহিছে। চলিত বৰ্ষৰ ৩০ নৱেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীৰ অসম ভৱনত হোৱা আলোচনাতো প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, সচিব চন্দন শৰ্মাসহ অংশগ্ৰহণ কৰি কেবে অসমীয়া জাতীয় জীৱন, বিশেষভাৱে ৰাজ্যখনৰ মূল সংযোগী ভাষা অসমীয়া ভাষাক কিদৰে ক্ষতিগ্ৰস্ত কৰিব সেইকথা যুক্তি সহকাৰে বলিষ্ঠভাৱে দাঙি ধৰা হৈছিল।' সভাপতিগৰাকীয়ে লগতে এই বিৰ্তকিত বিধেয়কৰ বিৰুদ্ধে আগলৈও সংগ্ৰাম চলাই নিয়াৰ কথা এই প্ৰতিবাদী কাৰ্যসূচীতে ঘোষণা কৰে।

সাহিত্য সভাৰ ধনভৰাঁলী কনককুমাৰ বৰা, মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ উপ সভাপতি অনঙ্গকুমাৰ নাথ, প্ৰকাশন উপ সমিতিৰ কাৰ্যকৰী সভাপতি দাসো কলিতা, বিশিষ্ট কবি কিশোৰ কুমাৰ জৈন, বিশিষ্ট গৱেষক পণ্ডিত প্ৰভাতচন্দ্ৰ দাস, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি বিষ্ণু ডেকা, সম্পাদক দুৰ্গেশ্বৰ পাঠক,সবিতা ডেকা, পৰশু তামুলী, হৰেশ্বৰ ডেকা আদি উপস্থিত থকা ধৰ্মঘট কাৰ্যসূচীত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই নাগৰিকত্ব সংশোধনী বিধেয়ক ভাৰত চৰকাৰে ক্ষমতাৰ জৰিড়তে বলপূৰ্বক জাপি দিলেও অসমৰ জাতীয় চেতনাসম্পন্ন কোনো ব্যক্তিয়ে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি বিধেয়ক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ভাৰত চৰকাৰক দাবী জনায়।

ধৰ্মঘট কাৰ্যসূচীৰ অন্তত অসম সাহিত্য সভাৰ অসম সাহিত্যসভাৰ বিষয়ববীয়া আৰু সদস্যসকল উপায়ুক্ত কাৰ্যালয়লৈ স্মাৰক পত্ৰ প্ৰদানৰ উদ্দেশ্য যাত্ৰা কৰিব খোজে যদিও সেই মূৰ্হুততে জিলা উপায়ুক্তৰ হৈ ধৰ্মঘটস্থলীত উপস্থিত হয় কামৰূপ মহানগৰৰ সহকাৰী আয়ুক্ত ড০ পাহাৰী কোঁৱৰ। জিলা উপায়ুক্তই স্মাৰক পত্ৰ গ্ৰহণৰ বাবে তেওঁক প্ৰেৰণ কৰাৰ কথা আয়ুক্ত কোৱঁৰে জানিবলৈ দিয়াত অসম সাহিত্য সভাই তেওঁৰ জৰিয়তেই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ আহ্বানত শুকুৰবাৰে সাহিত্য সভাৰ ১০ টা কাৰ্যালয়ৰ উপৰি প্ৰতিখন জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। ইফালে অসম সাহিত্য সভাই অহা ৮ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মায়ঙৰ চনকাত অসমৰ বিভিন্ন প্ৰান্তৰ কবি কন্ঠত প্ৰতিবাদ সাব্যস্ত কৰিব। সেইদিনা পুৱা ১০ বজাৰ পৰা চনকাত কেন্দ্ৰীয় কবি সন্মিলন অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in