গুৱাহাটী স্কেটিং ৰিংকত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱম সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতা…

গুৱাহাটী স্কেটিং ৰিংকত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱম সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতা…

ডিজিটেল সংবাদ,গুৱাহাটী : গুৱাহাটী দিছপুৰ স্কেটিং ৰিংকত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় নৱম সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতা । ১০ আৰু ১১ এপ্ৰিলত অনুষ্ঠিত এই প্ৰতিযোগিতাত ১৩ খন জিলাৰ স্কেটাৰে অংশগ্পৰহন কৰে । । এই খেলখনত ১৯ টা স্বৰ্ণ পদকেৰে গুৱাহাচী চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে ১৫ টা স্বৰ্ণৰে কামৰূপ ( গ্ৰাম্য) দ্বিতীয় আৰু ১১ টা স্বৰ্ণ পদকেৰে দুলীয়াজান তৃতীয় স্থান দখল কৰে ।

দেওবাৰে সন্ধিয়া সামৰণি পৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুস্থানত উপস্থিত থাকে অভিনেতা চম্পক শৰ্মা,শশাংক সমীৰ.নিৰ্মালী নীলম,অসম স্কেটিং সন্থাৰ উপ-সভাপতি জিতেন গগৈ,সাধৰণ সম্পাদক অনুপম শৰ্মা,সহকাৰী সম্পাদক দুলাল গোহাঁই,মানৱ বি মেধী আৰু বিশিষ্ট ব্যৱসায়ী বিকাশ আগৰৱালা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in