কংগ্ৰেছে ৪০ বছৰত মোক বহু দিলে,মোক বিশ্বাস কৰাৰ বাবে ছোনিয়া গান্ধীক ধন্যবাদঃ ৰিপুন বৰা

কংগ্ৰেছে ৪০ বছৰত মোক বহু দিলে,মোক বিশ্বাস কৰাৰ বাবে ছোনিয়া গান্ধীক ধন্যবাদঃ ৰিপুন বৰা
  • প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ সংবাদ মেল।
  • নতুন দিল্লীস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন ৰিপুন বৰাৰ।
  • কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত এই সংবাদমেল।
  • সংবাদ মেলত তেওঁ কয়, কংগ্রেছ দলৰ সৈতে মোৰ সম্পৰ্ক বহুদিনীয়া।
  • ৪০ বছৰে কংগ্রেছে মোক বহু দিছে।
  • মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ছোনিয়া গান্ধী, ৰাহুল গান্ধীক ধন্যবাদ।
  • দলৰ জ্যেষ্ঠ কংগ্রেছীসকলৰ মাজত মতানৈক্য আছে।
  • যাৰ বাবে কংগ্রেছ দলে বিজেপিৰ বিৰোধিতা কৰাত ব্যৰ্থ হৈছে।
  • মমতা বেনাৰ্জীৰ তৃণমূল কংগ্রেছে বিজেপিৰ বিৰোধিতা কৰিব পাৰিছে
  • সেই আদৰ্শৰ বাবেই মই তৃণমূল কংগ্রেছত যোগদান কৰিলো।
  • তৃণমূল কংগ্ৰেছ অসমত 'অসম তৃণমূল কংগ্রেছ' হিচাপে পৰিচিত হ'ব।
  • মমতা বেনাৰ্জীৰ বলিষ্ঠ নেতৃত্বত অসমত শক্তিশালী তৃণমূল কংগ্রেছ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in