সাপেখাতীত আসাম ৰাইফলচৰ যোগ উৎসৱৰ সজাগতা শিবিৰ আয়োজন…

সাপেখাতীত আসাম ৰাইফলচৰ যোগ উৎসৱৰ সজাগতা শিবিৰ আয়োজন…

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ সাপেখাতী ৰহন ৰাজহুৱা প্ৰেক্ষাগৃহত আজি আসাম ৰাইফলচৰ জয়পূৰ বেটালিয়ানৰ উদ্যোগত যোগাভ্যাসৰ সজাগতামূলক এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হয় ৷ উক্ত সজাগতামূলক প্ৰশিক্ষণ শিবিৰত স্হানীয় লোকসকলৰ উপৰিও অঞ্চলটোৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷

যি সময়ত সমগ্ৰ বিশ্বতে মানৱ স্বাস্থ্যৰ বিশেষ গৱেষণালব্ধ অধ্যয়নৰ জৰিয়তে প্ৰণালীবদ্ধ যোগৰ অভ্যাসৰ মাধ্যমেৰ সুস্বাস্থ্য অটুত কৰি ধৰি ৰাখিব পাৰি বুলি সৰ্বত্ৰে চৰ্চিত হৈ আহিছে তেনে সময়তেই সমগ্ৰ বিশ্বই বছৰৰ ২১জুন তাৰিখে পালন কৰি আহিছে বিশ্ব যোগ দিৱস ৷ লক্ষণীয়ভাৱে আগন্তুক বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি জয়পূৰৰ আসাম ৰাইফলচৰ তত্বাৱধানত চৰাইদেউ জিলাৰ ৰহন অঞ্চলত যোগৰ সন্দৰ্ভত এক বিশেষ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে আয়োজন কৰা হয় উক্ত যোগভ্যাসৰ শিবিৰৰ ৷

নৱপ্ৰজন্মৰ লগতে স্হানীয় ৰাইজৰ মাজত আয়োজন কৰা যোগ সজাগতা শিবিৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আসাম ৰাইফলচক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in