আছাম ৰাইফলছৰ অভিযানত এনএছচিএন খাপলাঙ গোটৰ ছাৰ্জেণ্ট মেজৰ নিহত…

আছাম ৰাইফলছৰ অভিযানত এনএছচিএন খাপলাঙ গোটৰ ছাৰ্জেণ্ট মেজৰ নিহত…


ডিজিটেল সংবাদ, বেকাজানঃ অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাৰ ৱাক্কা আৰু ছঙখ মাজৰ লঙকাই গাঁৱত শনিবাৰে ৬ নং আছাম ৰাইফলছৰ সৈতে হোৱা এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙ গোটৰ এগৰাকীৰ ছাৰ্জেণ্ট মেজৰ গানজন ৱাঙছাৰ মৃত্যু হয় । জানিব পৰা মতে চোৰাংচোৱা গোপন খবৰ ভিত্তিত এন এছ চি এনৰ সদস্য গৰাকী গাঁৱখনত বাহৰ পতাৰ তথ্য লাভ কৰা পিছতে আছাম ৰাইফলছে অভিযান চলাই গানজন ৱাঙছাছক নিহত কৰে ।

উল্লেখযোগ্য যে, কিছুদিন আগতে অৰুণাচল প্ৰদেশত সেনাৰ এখন পানী টেংকাৰত গ্ৰেণেড বিস্ফোৰণ ঘটনাই এগৰাকী জোৱান নিহত কৰিছিল আৰু তাৰে প্ৰত্যুত্তৰ আজি আছাম ৰাইফলছে অভিযান চলাই খাপলাঙ গোটৰ দুৰ্ধষ কেডাৰজনক নিহত কৰে ‌।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in